ETV Bharat / state

শোণিতপুৰত হাতী-মানুহৰ সংঘাতত ৫বছৰত ৩০ জন লোকৰ মৃত্যু - Man elephant conflict

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:23 PM IST

MAN ELEPHANT CONFLICT
হাতী মানুহৰ সংঘাত (ইটিভি ভাৰত অসম)

Wild Elephant attack : শোণিতপুৰ জিলাত পূৰ্বতকৈ বৃদ্ধি পাইছে বনৰীয়া হাতী-মানুহৰ সংঘাত ৷ এই সংঘাতৰ প্ৰধান কাৰণ হৈছে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ আৰু বনাঞ্চল ধ্বংস ৷ বিগত পাঁচ বছৰত জিলাখনত প্ৰায় 30 গৰাকীকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৷ চাওক সবিশেষ এই প্ৰতিবেদনত ৷

তেজপুৰ, ২ মে': শোণিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত এই সংঘাত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বিগত 27 এপ্ৰিলত জিলাখনৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীত বন্যহস্তীৰ আক্ৰমণৰ ফলত দুজন বনকৰ্মীৰ লগতে নিহত হৈছিল এজন স্থানীয় লোক ৷ এই সংঘাতৰ ফলত বিগত পাঁচ বছৰত জিলাখনত হাতী-মানুহৰ সংঘাতত মৃত্যুবৰণ কৰা লোকৰ সংখ্যাই স্পৰ্শ কৰে 30 ৰ ঘৰ ৷

এই পাঁচ বছৰৰ ভিতৰত দেখা পোৱা যায় যে, 2021 চনত হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক 9 জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে প্ৰাণ হেৰুৱাই দুটাকৈ হাতীয়ে ৷ শোণিতপুৰ জিলা বন বিভাগৰ তথ্য অনুসৰি, 2019 চনত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে এটা হাতীৰ মৃত্যু ঘটে ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2020 চনত 5 গৰাকী লোক আৰু 5 টাকৈ বন্যহস্তী মৃত্যুমুখত পৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

2021 চনত হাতীৰ আক্ৰমণৰ ফলত 9 জন লোকে প্ৰাণ হেৰুৱাই আৰু 2 টা হাতীৰ মৃত্যু ঘটে ৷ 2022 চনত 3 জন লোক আৰু 2 টা বনৰীয়া হাতী, 2023 চনত হাতীৰ আক্ৰমণৰ ফলত 7 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 6 টা হাতীৰ মৃত্যু হয় ৷

চলিত বৰ্ষৰ এপ্ৰিল মাহলৈ এটা বনৰীয়া হাতীয়ে একেদিনাই 3 জনকৈ লোকক আক্ৰমণ কৰাত লোককেইজনৰ মৃত্যু ঘটে ৷ তদুপৰি এই সময়চোৱাত দুটাকৈ হাতীৰ মৃত্যু হয় ৷ অৰ্থাৎ প্ৰায় পাঁচ বছৰত হাতীৰ আক্ৰমণত শোণিতপুৰত ৩০ জনকৈ লোকৰ মৃত্যু ঘটে ৷

জিলাখনৰ এই হাতী-মানুহৰ সংঘাতৰ বাবে বিগত বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে পত্ৰ প্ৰেৰণ কৰে ৷ এই পত্ৰৰ উত্তৰ হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগলৈ আহে এক পত্ৰ ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিষয়টো পৰ্যালোচনা কৰি সঠিক উত্তৰ দিয়াৰ বাবে জাৰি কৰিছিল নিৰ্দেশ ৷

এই সংঘাতৰ প্ৰধান কাৰণ হৈছে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ আৰু বনাঞ্চল ধ্বংস ৷ উল্লেখযোগ্য যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত 24,072 হেক্টৰ বনাঞ্চলৰ ভূমিৰ ভিতৰত 22,000 হেক্টৰ ভূমি সম্প্ৰতি আছে বেদখলৰ কবলত ৷ উক্ত স্থান কালক্ৰমে বসতি প্ৰধান অঞ্চললৈ পৰিৱৰ্তিত হোৱাত সমগ্ৰ জিলাখনতে বৃদ্ধি পায় হাতী-মানুহৰ সংঘাত ৷

সমান্তৰালকৈ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ৰ তৰফৰ পৰাও অসম চৰকাৰৰ বন বিভাগলৈ বিষয় সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি বিগত বৰ্ষৰ নৱেম্বৰ মাহত আহে আন এখন পত্ৰ ৷ কিন্তু ইয়াৰ কোনো উত্তৰ বৰ্তমানলৈ লাভ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ অভিযোগ অনুসৰি, বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমিত খোপনি পুতিছে বেদখলকাৰীয়ে ৷

ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদন কৰাসকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা স্বত্বেও জিলাখনৰ প্ৰায় 1,301 টা পৰিয়ালক চৰকাৰীভাৱে আৱণ্টন দিয়া হৈছে বনাঞ্চলৰ ভূমি ৷ ফলস্বৰূপে, শোণিতপুৰ জিলাত পূৰ্বতকৈ বৃদ্ধি পাইছে বনৰীয়া হাতী-মানুহৰ সংঘাত ৷

লগতে পঢ়ক: বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটা 3 মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা অসম চৰকাৰৰ - Men Elephant Conflict

শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.