বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটা 3 মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা অসম চৰকাৰৰ - Men elephant conflict
Man Elephant conflict : বৰছলা সমষ্টিৰ ধীৰাই মাজুলীত বন বিভাগৰ এটা কেম্প নিৰ্মাণ কৰি হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব বুলি আশ্বাস অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰৰ । ভুক্তভোগী পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৷

Published : April 29, 2024 at 1:35 PM IST
তেজপুৰ, 29 এপ্ৰিল : শোণিতপুৰ জিলাৰ ধীৰাই মাজুলী অঞ্চলত শনিবাৰে সংঘটিত হৈছিল এক শোকাৱহ ঘটনা ৷ হস্তী-মানৱৰ সংঘাতৰ ফলত মৃত্যু ঘটে তিনিজন লোকৰ ৷ বনৰীয়া হাতীয়ে হত্যা কৰা যতীন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গক সাক্ষাৎ কৰে অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে । শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হৈ কুমাৰে বন বিভাগৰ পৰা 4 লাখ টকাৰ সাহাৰ্য দিয়া হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৷
কুমাৰে শোণিতপুৰ জিলাৰ লগতে অসমত বন বিভাগৰ অতিৰিক্ত কেম্প তথা যৌথ বাহিনী প্রয়োগ কৰিব বুলিও মন্তব্য আগবঢ়ায় । বিশেষকৈ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীৰ সমীপত ফৰেষ্ট কেম্প সংস্থাপন কৰা সন্দৰ্ভত মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে ।
কুমাৰে লগতে কয় যে যদি পৰিস্থিতি সাপেক্ষে বন্যহস্তীতো ট্ৰাংকুলাইজাৰ কৰিব লাগে ইয়াৰ বাবে বন বিভাগ প্ৰস্তুত আছে । বৰছলা সমষ্টিৰ ধীৰাই মাজুলীত শনিবাৰে এটা বনৰীয়া মখনা হাতীয়ে ত্ৰাস সৃষ্টি কৰি আক্ৰমণ চলাই বনকৰ্মীসহ তিনিজন লোকক হত্যা কৰা ঘটনাৰ 24 ঘন্টাৰ পাচত অৰ্থাৎ দেওবাৰে ৰাজ্যখনৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে বনৰীয়া হাতীয়ে হত্যা কৰা যতীন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷
উন্মাদ বনৰীয়া হাতীটোৱে ত্ৰাস সৃষ্টি কৰি আক্ৰমণ চলাই দুগৰাকী বনকৰ্মীসহ তিনিজন লোকক হত্যা কৰাৰ লগতে বিগত সময়ত উক্ত অঞ্চলটোত 10 গৰাকীতকৈ অধিক লোকক হত্যা কৰিছে বুলি জানিব পৰা গৈছে ৷ উন্মাদ বনৰীয়া হাতীটোৱে ত্ৰাস সৃষ্টি কৰি আক্ৰমণ চলাই নিৰ্মমভাৱে হত্যা কৰা আমাৰীবাৰী ৰেঞ্জৰ দুগৰাকী বনকৰ্মী বীৰেণ ৰাভা আৰু কুলেশ্বৰ বড়োৰ পৰিয়ালবৰ্গকো বনবিভাগৰ তৰফৰ পৰা 4 লাখ টকা আৰু পেঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে জনায় ।
বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰা সময়ত ঘটনাস্থলীত বন বিভাগৰ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া নৃপেন্দ্ৰনাথ কলিতা, শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া(বন্যপ্ৰাণী) পিৰাই সোধন উপস্থিত থকাৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant conflict

