কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকি উঠা কল্লোল হাজৰিকাক গোগামুখত আদৰণি - Assam UPSC Toppers

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:55 PM IST

thumbnail

ধেমাজি, 18 এপ্ৰিল : সদ্যঘোষিত 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ ফলাফলত 992 সংখ্যক স্থানত জিলিকিল গোগামুখৰ কল্লোল হাজৰিকা ৷ কল্লোল হাজৰিকাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গোগামুখবাসী ৷ সমগ্ৰ গোগামুখতে এক উৎসৱমুখৰ পৰিশেৱ বিৰাজ কৰিছে ৷  

ফলাফল ঘোষণাৰ পিচতে বৰ্তমান মুম্বাইত কৰ্মৰত কল্লোল হাজৰিকা বুধবাৰে নিজা বাসগৃহত উপস্থিত হয় ৷ গোগামুখত উপস্থিত হোৱাৰ পিচতেই নগৰৰ পৰা নিজা বাসগৃহলৈ বৃহৎ শোভাযাত্ৰাৰে কল্লোল হাজৰিকাক আদৰণি জনায় বিভিন্ন দল-সংগঠন তথা গাঁওবাসীয়ে ৷ ইয়াৰ পিচতেই সোণোৱাল কছাৰী অতিথিশালাত বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যৰ লগতে গোগামুখলৈ গৌৰৱ কঢ়িয়াই অনা কল্লোল হাজৰিকাক ৷ মেধাবী ছাত্ৰজন উপস্থিত হোৱাৰ পিচতে গোগামুখত শুভাকাংক্ষী সকলে আবতৰীয়া দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হ’ল ৷

লগতে পঢ়ক : UPSCৰ ফলাফলত জিলিকিল অসমৰ কেবাগৰাকীও প্ৰাৰ্থী - UPSC Result 2023

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.