হাইজেক হোৱা সুৰাভৰ্তি ট্ৰাক উদ্ধাৰ হ'ল কলিয়াবৰত - Liquor seized

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:00 PM IST

thumbnail

কলিয়াবৰ, ১ মে': ১১০০ কাৰ্টুন সুৰাসহ হাইজেক হোৱা ট্ৰাক উদ্ধাৰ কলিয়াবৰৰ আমবাগানত । যোৱা ২১ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পৰা হোজাইলৈ বুলি আহিছিল ট্ৰাকখন । গুৱাহাটীৰ পৰা নগাঁও পোৱাৰ পাছৰে পৰা AS 01 BC 5766 নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকখন নিৰুদ্দেশ হৈ পৰিছিল ৷ কেইবাদিনৰ অনুসন্ধানৰ অন্তত কলিয়াবৰৰ আমবাগানৰ এটা পেট্ৰ'ল ডিপ'ত পৰিত‍্যক্ত অৱস্থাত আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ট্ৰাকখন ।

ট্ৰাকৰ চালকজনেই সুৰাভৰ্তি ট্ৰাকখন হাইজেক কৰাৰ সন্দেহ কৰে আৰক্ষীয়ে । বৰ্তমান পলাতক অৱস্থাত আছে চালকজন । পৰৱৰ্তী সময়ত কলিয়াবৰ আবকাৰী বিভাগৰ উপস্থিতিত সুৰাৰ কাৰ্টুন উদ্ধাৰ কৰে, যদিও প্ৰায় ৪৫ কাৰ্টুন সুৰা ট্ৰাকখনত কমকৈ পাইছে বুলি জানিবলৈ দিয়ে । কম হোৱা ৪৫ কাৰ্টুন সুৰা চালকজনেই ক'লা বজাৰত বিক্ৰী কৰিছে বুলি সন্দেহ কৰে আৰক্ষীয়ে ।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে উলুৱনী আৰক্ষীয়ে । শেহতীয়াকৈ কামৰূপ জিলাৰ গৌৰীপুৰৰ থানাত ট্ৰাকখনৰ নিৰুদ্দেশ হোৱাক লৈ সংশ্লিষ্ট পক্ষই এক গোচৰ ৰুজু কৰিছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.