আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ (undefined)

By ETV Bharat Assamese Team

Published : April 20, 2024 at 7:12 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং,২০ এপ্ৰিল: চিৰাঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ । নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে চিৰাঙৰ ভূটান সীমান্তৰ ৰুনিখাতা অঞ্চলত বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ জিলা আবকাৰী বিভাগৰ যৌথ অভিযানত প্ৰায় ৪ কোটি টকাৰ চোৰাং বিলাতী সুৰা জব্দ । ভূটানৰ পৰা তিনিটা কন্টেইনাৰত অসম হৈ দিল্লীলৈ গৈ আছিল কন্টেইনাৰ তিনিখন । কন্টেইনাৰ কেইখন ক্ৰমে RJ52-GA3533, NL-01AS-5500 আৰু NL-01AB-7197। তিনিখন কন্টেইনাৰেৰে ৩১৩০ কাৰ্টন বিলাতী সুৰা সৰবৰাহ কৰিবলৈ লওতে আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি । 

যোৱা ১৫ দিনত চিৰাং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত ১১ টা অবৈধ বিলাতী সুৰাভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আবকাৰী বিভাগে । লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণবিধি বলবৎ থকা সময়ত এইদৰে বিলাতী সুৰা জব্দ আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা। নিৰ্বাচনত ভোটাৰৰ মাজত বিলাবলৈ এইসমূহ সুৰা ভূটানৰ পৰা লোৱা হৈছিল নেকি তাতো সন্দেহৰ অৱকাশ আছে  ।

লগতে পঢ়ক: বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details