হোজাইত চুৰি সোণসহ আটক গহণা ব্যৱসায়ী : প্ৰশাসনে বিপনী কৰিলে ছীল - Gold smuggling in Hojai

By ETV Bharat Assamese Team

Published : May 1, 2024, 3:23 PM IST

thumbnail

হোজাই, ১ মে': হোজাই জিলাৰ লংকাত আৰক্ষীৰ অভিযানত চুৰি সোণসহ আটক এজন গহণা ব্যৱসায়ী । লংকা বজাৰৰ লিংক ৰোডৰ এখন গহণাৰ বিপণীত আৰক্ষীয়ে অভিযান চলাই চুৰি সোণসহ আটক কৰে গহণা ব্যৱসায়ীটোক । আটকাধীন গহণা ব্যৱসায়ীটোৰ নাম সুনীল স্বৰ্ণকাৰ । এটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত লংকাৰ ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে উক্ত অভিযান চলাই আটক কৰে ব্যৱসায়ীটোক ।  

ইতিমধ্যে এই অভিযানৰ পিচতেই আৰক্ষীয়ে ছীল কৰি দিয়ে বিপণীখন । আৰক্ষীৰ অভিযানত পূৰ্বে আটক হোৱা আন এটা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি সোণ কিনাৰ অভিযোগত লংকা আৰক্ষীয়ে বিপণীখনত চলাইছিল অভিযান । ধৃত গহণা ব্যৱসায়ীটোক আটক কৰি লংকা থানালৈ আনি সোধা-পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: বিয়া খাবলৈ যাওঁতেই ঘৰৰ তলি উদং কৰিলে চোৰে - Barpeta Theft Incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.