ঐনিতমৰ সুৰত মতলীয়া সাংসদ গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 2:26 PM IST

thumbnail

যোৰহাট, ১৪ ফেব্ৰুৱাৰী : আজি মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে তেওঁলোকৰ পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । যোৰহাটত অনুষ্ঠিত আলি আয়ে লৃগাঙত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈ । মিচিং জনগোষ্ঠীয় পম্পৰাগত খাদ্য আৰু আপঙৰ সোৱাদ লয় সাংসদগৰাকীয়ে ।

ঐনিতম সুৰত আৰু গুমৰাগৰ চেৱত নাচি বাগি মতলীয়া হৈ পৰে গৌৰৱ গগৈ । যোৰহাট জিলাৰ গড়মূৰ মিচিং গাঁৱত আলি আই লিগাঙত মিচং ডেকা গাভৰুসকলৰ সৈতে সাংসদ গৌৰৱ গগৈয়ে ঐনিতমৰ নৃত্য কৰা পৰিলক্ষিত হয় । কেঁচা মাটিৰ গোন্ধত মতলীয়া হৈ পৰে ডেকা-গাভৰুসকল ।

লৃগাঙৰ দিনা গৌৰৱ গগৈয়ে আপং আৰু গাহৰি মাংস আৰু তৰাপাত দিয়া অৰ্থাৎ তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰ জুতি লয় । এনেদৰে এতিয়া ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে গন্ধীয়া মিচিং গাঁৱৰ আকাশ-বতাহ । লগতে আলি আয়ে লৃগাঙৰ দিনটোত সমগ্ৰ ৰাজ্য চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনায় ।

লগতে পঢ়ক: লখিমপুৰত কেন্দ্রীয় আলি আয়ে লৃগাং উপলক্ষে উখল-মাখল পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.