ETV Bharat / state

লখিমপুৰত কেন্দ্রীয় আলি আয়ে লৃগাং উপলক্ষে উখল-মাখল পৰিৱেশ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 1:13 PM IST

Ali Aye Ligang in Assam: মিচিং সকলৰ কৃষিভিত্তিক আলি আয়ে লৃগাং উৎসৱ উপলক্ষে বুধবাৰে মিচিং ৰাইজ আনন্দ উলাহত মতলীয়া হৈ পৰে । পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতেৰে মিচিং সকলে এই উৎসৱ পালন কৰে ।

Missing festival
মিচিঙৰ বীজ সিঁচা পৰ্ব

মিচিঙৰ বীজ সিঁচা পৰ্ব

লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী: আলি আয়ে লৃগাং উপলক্ষে লখিমপুৰত উখল-মাখল পৰিৱেশ । মিচিং জনগোষ্ঠীৰ লোকসকলৰ কৃষি ভিত্তিক উৎসৱত ৰহণীয়া সংস্কৃতিৰ মূৰ্ত প্ৰকাশ হৈছে ।

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ । অতীতৰে পৰা এই দিনটোতে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে পালন কৰি আহিছে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং। ৰাজ্যজুৰি মিচিংসকলে এই উৎসৱ পালন কৰিছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত মিচিং ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰিছে আলি আয়ে লৃগাং ।

লখিমপুৰ নগৰৰ সমীপৰ বৰিমূৰীত কেন্দ্রীয়ভাৱে আলি আয়ে লৃগাং পালন কৰা হয় । পৰম্পৰাগত ৰীতি-নীতি, নৃত্য গীতেৰে গুটি সিঁচা মাংগলিক কাৰ্য সম্পাদন কৰা হয় । এই উৎসৱত সকলো উবুৰি খাই পৰি আনন্দত নিজকে বিলীন কৰি দিয়ে । পৰম্পৰাগত ৰীতি-নীতি, খাদ্য সম্ভাৰ, সাজ-পোচাকে লৃগাং স্থলীক ৰহণীয়া কৰি তোলে ।

সকলোৱে নৃত্য গীতত অংশগ্রহণ কৰি আনন্দ কৰে । উদ্যোক্তা সকলে এই উৎসৱ কেৱল মিচিং সকলৰ বাবেই নহয়, বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিও শুভ বাৰ্তা কঢ়িয়াইছে বুলি মন্তব্য় কৰিছে । কৃষক অথবা কৃষি ক্ষেত্র কেৱল মিচিং সমাজতে আৱদ্ধ হৈ থকা নাই । সেয়ে এই লৃগাং উৎসৱে সকলো কৃষকৰ মংগল কামনা, শষ্য ক্ষেত্রৰ উৰ্বৰা কামনা সকলোৰে বাবে কৰে বুলি আয়োজসকলে কয় ।

লৃগাং উৎসৱ এক সমন্বয় সম্প্ৰীতিৰ উৎসৱ । ৰাজ্য চৰকাৰে লৃগাং উৎসৱৰ দিনটো কেইখনমান জিলাত বন্ধ দিছে যদিও সমগ্র ৰাজ্যতে এই বন্ধ দিব লাগে বুলি উদ্যোক্তাসকলে চৰকাৰক আহ্বান জনাইছে । আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লৃগাং মানে উৎসৱ । অৰ্থাৎ বীজ সিঁচা উৎসৱ আজি উলহ মালহেৰে পালন কৰিছে মিচিং সমাজে ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত চাহ শ্ৰমিকৰ গৃহত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.