লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত চাহ শ্ৰমিকৰ গৃহত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Loksabha poll 2024: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টিংখাঙত চাহ শ্ৰমিকৰ গৃহত নিশা কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে মত বিনিময় কৰি সৰু মাছেৰে এসাঁজ খালে সোণোৱালে ৷

Published : February 14, 2024 at 10:40 AM IST
মৰাণ, 14 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি । সমাগত লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে গাঁও চলো অভিযান ৷ অভিযানৰ কাৰ্যসূচী হিচাপে ৰাইজৰ ঘৰে ঘৰে গৈছে বিজেপিৰ নেতা-কৰ্মীসকল ।
মংগলবাৰৰ সন্ধিয়া টিংখাঙত উপস্থিত হয় ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে আৰম্ভ কৰা 'গাঁও চলো অভিযান' সফল কৰি তুলিবলৈ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দিৰৈ বাগিচাৰ গাঁও চলো অভিযানত অংশগ্ৰহণ কৰি চাহ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ভাৰতীয় জনতা পাৰ্টীৰ 'গাঁও চলো অভিযান'ৰ অংশ হিচাপে টিংখাং সমষ্টিৰ 120 নং দিৰৈ চাহ বাগিচাৰ ৰাইজৰ মাজত দিনটো কটাই স্থানীয় বাসিন্দা তথা অৱসৰপ্ৰাপ্ত চাহ বাগিচাৰ শ্ৰমিক চন্দ্ৰ দেৱ চেত্ৰীয়াৰ ঘৰত নিশাটো কটায় সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কাষতে পাই উৎফুল্লিত হৈ পৰে বাগিচাখনৰ চাহ শ্ৰমিকসকল ।

চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে মত বিনিময় কৰি সৰু মাছেৰে এসাঁজ খালে সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাখনত উপস্থিত হৈ অংগনবাড়ী কেন্দ্ৰ, জল জীৱন মিছনৰ অধীনৰ প্ৰকল্প আদিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, উজ্জ্বলা যোজনাৰ হিতাধিকাৰী আদিৰ ঘৰতো উপস্থিত হৈ চৰকাৰৰ এই কল্যাণকামী আঁচনিসমূহে চাহ শ্ৰমিকসকলৰ উপকৃত কৰিছে নে নাই তাৰো বুজ লয় ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীয়ে বিৰোধী ৰাজনৈতিক দলসমূহৰ ভিতৰত এক প্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : টিংখাঙৰ বাগানত বনুৱাৰ মনৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

