গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ ক্ষোভ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:32 PM IST

thumbnail

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণকেন্দ্ৰ আইন মহাবিদ্যালয়ত বিগত দুবছৰে নাই স্থায়ী অধ্যক্ষ আৰু স্থায়ী শিক্ষক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত বৰ্তমান চলি আছে চৰম অৰাজক, স্বৈৰাচাৰী কাণ্ড । সেয়েহে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা আৰু আছু গোটে এক সংবাদমেল সম্বোধন কৰি মহাবিদ্যালয়খন কেনেকৈ চলি আছে সকলো কথা উদঙাই দিয়ে ৷

সংবাদমেলত মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বই কয়, ‘গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ মহাবিদ্যালয়খনক মাহীআইৰ দৃষ্টিৰে চাই আছে । বিগত দুবছৰে নাই স্থায়ী অধ্যক্ষ আৰু নাই স্থায়ী শিক্ষক ।’ এই বিষয়ত উপাচাৰ্যক লগ কৰিবলৈ গ’লে লগ নিদিয়াৰ অভিযোগ আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ । সংবাদমেলত তেওঁলোকে কয় যে মহাবিদ্যালয়খনত মাত্ৰ পাঁচগৰাকী স্থায়ী শিক্ষকৰ বাহিৰে সকলো অস্থায়ী ।

অস্থায়ী শিক্ষকসকলো মহাবিদ্যালয়লৈ নাহে ৷ ব্যক্তিগত শিক্ষানুষ্ঠানত কাম কৰি থাকে তেওঁলোকে । উপাচাৰ্যক বৃহস্পতিবাৰে সাক্ষাৎ কৰিব যাওতে তেওঁ কাকো সাক্ষাৎ নকৰি অপমান কৰি ঘূৰাই পঠিয়ায় । যদি উপাচাৰ্যই ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰিব নোৱাৰে তেনেহ’লে চকী খালী কৰি দিবলৈ আহ্বান জনাই মহাবিদ্যালয় ছাত্ৰ সন্থাই । যদি অতি শীঘ্ৰে স্থায়ী অধ্যক্ষ আৰু স্থায়ী শিক্ষক নিযুক্তি নিদিয়ে তেনেহলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.