বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ - Crime in Guwahati

🎬 Watch Now: Feature Video

thumbnail
গুৱাহাটী বিশ্ববিদ্যালয় (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 10:51 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: ৰাজ্যৰ উচ্চশিক্ষাৰ স্থলীৰূপে খ্যাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ । বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ ১০ বছৰ ধৰি বিশ্ববিদ্যালয়ৰ চৌহদত পাণ-তামোলৰ দোকান দিয়া এগৰাকী মহিলাৰ ।  

বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত কলিতাই মহিলাগৰাকীৰ পৰা ধাৰে লৈছিল ১৭ হাজাৰ টকা । উত্থাপিত অভিযোগ অনুসৰি সেই প্ৰাপ্য ধন বিচৰাত মহিলাগৰাকীক নিজৰ কোঠালৈ আহিবলৈ জয়ন্তই অশ্লীল প্ৰস্তাৱ দিয়ে । এই সম্পৰ্কত মহিলাগৰাকীৰ স্বামীয়ে সোধা-পোছা কৰোতেই হতাহতিত লিপ্ত হয় জয়ন্ত । পৰৱৰ্তী সময়ত জয়ন্তই নিৰাপত্তা বিষয়াৰে মিলি কৌশলগতভাৱে উঠাই নি জব্দ কৰে মহিলাগৰাকীৰ দোকানখন । নিজৰ দোকান তথা সা-সামগ্ৰীৰ বাবে নিৰাপত্তা বিষয়াক কাকূতি-মিনতি কৰিও কোনো সুফল পোৱা নাই মহিলাগৰাকীয়ে ।  

ইফালে, নিৰাপত্তা বিষয়া পংকজ কলিতাই আন এগৰাকী চকীদাৰৰ জৰিয়তে মহিলাগৰাকীক অকলে লগ ধৰাৰ প্ৰস্তাৱ দিয়াৰো অভিযোগ তোলে মহিলাগৰাকীয়ে । অকলে লগ ধৰিলে দোকান দিয়াৰ অনুমতি দিব বুলিও উল্লেখ কৰে । জয়ন্ত কলিতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বাসভৱনত চকীদাৰৰূপে কৰ্মৰত ।

লগতে পঢ়ক:একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details