বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 10:51 PM IST

thumbnail

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: ৰাজ্যৰ উচ্চশিক্ষাৰ স্থলীৰূপে খ্যাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ । বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ ১০ বছৰ ধৰি বিশ্ববিদ্যালয়ৰ চৌহদত পাণ-তামোলৰ দোকান দিয়া এগৰাকী মহিলাৰ ।  

বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ন্ত কলিতাই মহিলাগৰাকীৰ পৰা ধাৰে লৈছিল ১৭ হাজাৰ টকা । উত্থাপিত অভিযোগ অনুসৰি সেই প্ৰাপ্য ধন বিচৰাত মহিলাগৰাকীক নিজৰ কোঠালৈ আহিবলৈ জয়ন্তই অশ্লীল প্ৰস্তাৱ দিয়ে । এই সম্পৰ্কত মহিলাগৰাকীৰ স্বামীয়ে সোধা-পোছা কৰোতেই হতাহতিত লিপ্ত হয় জয়ন্ত । পৰৱৰ্তী সময়ত জয়ন্তই নিৰাপত্তা বিষয়াৰে মিলি কৌশলগতভাৱে উঠাই নি জব্দ কৰে মহিলাগৰাকীৰ দোকানখন । নিজৰ দোকান তথা সা-সামগ্ৰীৰ বাবে নিৰাপত্তা বিষয়াক কাকূতি-মিনতি কৰিও কোনো সুফল পোৱা নাই মহিলাগৰাকীয়ে ।  

ইফালে, নিৰাপত্তা বিষয়া পংকজ কলিতাই আন এগৰাকী চকীদাৰৰ জৰিয়তে মহিলাগৰাকীক অকলে লগ ধৰাৰ প্ৰস্তাৱ দিয়াৰো অভিযোগ তোলে মহিলাগৰাকীয়ে । অকলে লগ ধৰিলে দোকান দিয়াৰ অনুমতি দিব বুলিও উল্লেখ কৰে । জয়ন্ত কলিতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বাসভৱনত চকীদাৰৰূপে কৰ্মৰত ।

লগতে পঢ়ক:একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাচত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহ’ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.