শিৱসাগৰত চাকৰিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক ৰাইজে সোধালে উত্তম মধ্য়ম - Fraud in Sivasagar

By ETV Bharat Assamese Team

Published : May 7, 2024, 8:39 PM IST

thumbnail
প্ৰৱঞ্চকক আটক (ETV BHARAT ASSAM)

শিৱসাগৰ, ৭ মে': শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ সমীপত আজি ৰাইজে কৰায়ত্ত কৰিলে এটা প্ৰৱঞ্চকক ।  ৰংঘৰ চাৰিআলিৰ সমীপত ভাৰাতীয়া হিচাবে থাকি দুষ্কাৰ্য চলাই থকা অভিজিৎ গগৈ নামৰ প্ৰৱঞ্চকটোক ৰাইজে মঙলবাৰে কৰায়ত্ত কৰি উত্তম মধ্য়ম সোধাই গতালে আৰক্ষীক । ভুক্তভোগী সকলে অভিযোগ উত্থাপন কৰি কয় যে চাকৰি দিয়াৰ লগতে আন কাম কৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি আছিল এই প্ৰৱঞ্চকটোৱে ।  আজি দিন বেয়া আছিল প্ৰৱঞ্চকটোৰ ।  

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ পুনৰ জাল পাতি থাকোতেই কৌশলেৰে ৰাইজে কৰায়ত্ত কৰে অভিজিৎ গগৈক ৷ ৰংঘৰ চাৰিআলিৰ সমীপত ভাৰাতীয়া হিচাবে দুষ্কাৰ্য চলাই থকা অভিজিতে একাধিক ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছিল ধন ৷ বহু পৰিয়ালৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আত্মগোপন কৰি আছিল প্ৰৱঞ্চকটোৱে ৷ অইল ইণ্ডিয়া ,অ'এন জি চিত চাকৰি, গাড়ী যোগানৰ নামত অভিজিতে সংগ্ৰহ কৰিছিল ধন ৷ আজি ৰংঘৰ চাৰিআলিৰ সমীপতে ভুক্তভোগী ৰাইজে আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চকটোক ৷ ৰাইজে উত্তম মধ্যম সোধাই জয়সাগৰ আৰক্ষীক গতালে প্ৰৱঞ্চকটোক ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.