সম্পত্তিৰ লালসাতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পত্নীক হত্যা - Murder in Karimganj

By ETV Bharat Assamese Team

Published : May 19, 2024, 6:44 PM IST

thumbnail
চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পত্নীক হত্যা (Source : Etv Bharat Assam)

কৰিমগঞ্জ, 19 মে’ : কৰিমগঞ্জৰ জবাইনপুৰত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত এজন লোকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে পত্নীক ৷ অৱশ্যে একাংশ লোকে সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ক’ব খোজে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা প্ৰায় 5 বজাত বাখৰশাল নাইৰগ্ৰাম পঞ্চায়তৰ জবাইনপুৰ গাঁৱৰ আব্দুল ছহিদে পত্নী জবা বেগমক দাৰে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰে ৷ এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় একাংশ স্থানীয় লোক ৷ উপস্থিত ৰাইজে মহিলাগৰাকীক উদ্ধাৰ কৰি মৃতপ্ৰায় অৱস্থাত ভৰ্তি কৰোৱায় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু হাস্পতালত উপস্থিত চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

আনফালে, একাংশ স্থানীয় লোকে পত্নীহন্তা ব্যক্তিগৰাকীৰ হাতৰ পৰা চোকা দা খন জব্দ কৰি ব্যক্তিজনক বান্ধি ৰাখে ৷ স্থানীয় লোকৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈ অভিযুক্তক আটক কৰে ৷

উল্লেখ্য যে, জবাৰ পৰিয়ালৰ লোকে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি, জবাৰ স্বামী আব্দুল ছহিদ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক ৷ তেওঁলোকৰ সাংসাৰিক জীৱনৰ স্বাক্ষৰ হিচাপে আছে তিনিটাকৈ সন্তান ৷ অৱশ্যে জবাৰ পৰিয়ালে সম্পত্তিৰ বাবেও এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰে ৷ প্ৰকৃত সত্য আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder For Dowry

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.