মৰিগাঁৱৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:10 AM IST

thumbnail

মৰিগাঁও, ২২ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান । তিৱা স্বায়ত্তশাসিত পৰিষদৰ নামত আবন্টিত মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিলে মৰিগাঁও জিলা প্ৰশাসনে ৷ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰখোলা মৌজাৰ ১ নং নেলী বাগিচা কিচামৰ চৰকাৰী দাগৰ ৬ বিঘা ৪ কঠা মাটি বুধবাৰে প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশমৰ্মে মৰিগাঁৱৰ ৰাজহ চক্ৰ বিষয়া মৈত্ৰেয়ী মৰাণৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সমগ্ৰ এলেকাটোত দখলকৃত মাটিত উচ্ছেদ অভিযান চলায় ।

উল্লেখ্য যে, উক্ত মাটিখিনি বিগত বৰ্ষত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নামত আবন্টিত হৈছিল । কিন্তু এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি মাটিখিনি দখল কৰি আছিল । প্ৰশাসনে বাৰে বাৰে তেওঁক মাটিখিনি দখলমুক্ত কৰি দিবলৈ জাননী জাৰি কৰিছিল যদিও কোনো ফল ধৰা নাছিল ৷ যাৰ ফলত বুধবাৰে জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে উচ্ছেদ চলোৱা হয় ।

উচ্ছেদৰ পিচতে মাটিখিনি মৰিগাঁও জিলা প্ৰশাসনে তিৱা স্বায়ত্তশাসিত পৰিষদক চমজাই দিয়ে । তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু স্থানীয় ৰাইজে প্ৰশাসনৰ এই কাৰ্যক শলাগ লয় ।

লগতে পঢ়ক : পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.