ETV Bharat / state

পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:08 PM IST

ILLEGAL ENCROACH EVICTION IN DIPHU
পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

Illegal encroachment eviction: উত্তপ্ত কাৰ্বি আংলং ৷ জিলাখনৰ পিজিআৰ- ভিজিআৰ ভূমি বেদখলকাৰীক অচিৰেই উচ্ছেদ কৰাৰ সিদ্ধান্ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৷

পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

ডিফু, ২০ ফেব্ৰুৱাৰী: কাৰ্বি আংলঙৰ পিজিআৰ- ভিজিআৰ ভূমিখণ্ড মুক্ত কৰাক লৈ মঙলবাৰে ডিফুত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত সৰ্বসন্মত সিদ্ধান্ত অনুসৰি পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি আংলঙৰ প্ৰফেছনেল গ্ৰেজিং ৰিজাৰ্ভ (পিজিআৰ) আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ) ত অবৈধ বেদখলমুক্ত কৰাক লৈ এএছডিচি যুৱ মৰ্চা আৰু কেএছএ সদস্যসকলে প্ৰতিবাদ কৰি উভতি অহা পথত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত দুৰ্বৃত্তই প্ৰতিবাদকাৰী দলটোৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলাই ৷ এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে জখম হয় কেইবাগৰাকী স্থানীয় লোক ৷ ইয়াৰ পিচত উত্তপ্ত হৈ পৰিছিল পূব আৰু পশ্চিম কাৰ্বি আংলং ৷

ইফালে জিলা দুখনৰ পিজিআৰ-ভিজিআৰ ভূমি খণ্ডত অবৈধ বেদখলমুক্ত কৰাৰ বাবে সকলো দল-সংগঠন, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে নিৰৱচ্ছিন্নভাৱে প্ৰতিবাদ কৰি আহিছিল ৷ এই প্ৰতিবাদৰ ফলত জিলা দুখনৰ যাতায়ত, ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছিল ৷ এক প্ৰকাৰ জিলা দুখনত জন-জীৱন স্তব্ধ হৈ পৰিছিল ৷

এই অচলাৱস্থাৰ মাজতে সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতৃবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় ৷ ইয়াৰ পিচতে মঙলবাৰে উক্ত বিষয়কলৈ পুণৰ ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত চিইএম তুলিৰাম ৰংহাঙে এক সৰ্বদলীয় বৈঠক আহ্বান কৰে ৷ এই বৈঠকত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনৰ নেতা সকলে অংশগ্ৰহণ কৰাৰ লগতে দুয়োখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলে অংশগ্ৰহণ কৰে ৷

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰায় তিনিঘণ্টা সময়জোৰা ৰুদ্ধদ্বাৰ বৈঠকৰ পিচত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি চিইএম তুলিৰাম ৰংহাঙে কয় যে, আজিৰ বৈঠকত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে কাৰ্বি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিখণ্ডত অবৈধভাবে বেদখল কৰি থকা বিভিন্ন জাতি - জনগোষ্ঠীৰ ১৯৮৩ পৰিয়ালক ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি শীঘ্ৰে উচ্ছেদ কৰা হ’ব ৷ বুধবাৰৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা অবৈধ বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰা হ’ব ৷

এই এলেকাত প্ৰায় ৯,৮৬৫ লোক অবৈধভাৱে বসবাস কৰি আছে বুলি জনায় ৰংহাঙে ৷ উচ্ছেদৰ এছঅ’পি তৈয়াৰ কৰাৰ লগতে ফুলনি, ডিফুৰ শিলনীজান আৰু ডংকামোকাম ৰাজহ চক্ৰৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে বিশেষ কোষ গঠন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি পিজিআৰ-ভিজিআৰ এলেকাত নিযুক্তি প্ৰাপ্ত চৰকাৰী গাঁওবুঢ়াসকলৰ নিযুক্তিও বাতিল কৰা হ’ব বুলি কয় ৰংহাঙে ৷ আইন-শৃংখলাৰ বিষয়টো অসম চৰকাৰ হাতত থকাৰ বাবে অসম চৰকাৰৰ লগত আলোচনা কৰি শীঘ্ৰে এই অঞ্চলত উচ্ছেদ চলোৱা হ’ব বুলি মন্তব্য কৰে চিইএম গৰাকীয়ে ৷ ইয়াৰোপৰি উচ্ছেদৰ পিছত উচ্ছেদিত ৰাইজৰ পুণঃসংস্থাপনৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে, ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় তুলিৰাম ৰংহাঙে ৷

আনহাতে অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত একাংশ প্ৰতিবাদকাৰীয়ে ডিফুৰ মাটিপুঙ তিনিআলিত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তাৰক্ষী সষ্টম হৈ থাকে ৷ বৈঠকৰ অন্তত উচ্ছেদৰ সিদ্ধান্তৰ খবৰ পোৱাৰ লগে লগে প্ৰতিবাদকাৰী সকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.