বৰপেটাত দুদিন পূৰ্বেই দুৰ্গম স্থানৰ ভোটকেন্দ্ৰলৈ যাত্ৰা নিৰ্বাচনী বিষয়াৰ - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : May 5, 2024, 6:53 PM IST

thumbnail
অন্তিম পৰ্যায়ৰ নিৰ্বাচন (ইটিভি ভাৰত অসম)

বৰপেটা, 5 মে’ : 7 মে’ত অনুষ্ঠিত হ’বলগীয়া ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে দূৰণিবটীয়া ঠাইলৈ যাত্ৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি দুটা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভূক্ত ৷ বৰপেটাৰ মাজমজিয়াস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়ত অৱস্থিত কেন্দ্ৰটোৰ পৰা যাত্ৰা কৰে নিৰ্বাচনী বিষয়াসকলে ৷  

নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি, বৰপেটা জিলাত মুঠ ভোটকেন্দ্ৰ আছে ১,০৩৪ টা, যাৰ ১১২ টা কেন্দ্ৰই দুৰ্গম স্থানত অৱস্থিত ৷ জিলাখনৰ সমীপেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈৰ বুকুত শতাধিক চৰ আছে আৰু এই চৰবোৰতে অৱস্থিত এই ভোটকেন্দ্ৰসমূহ ৷

বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ূৰাক্ষী দত্তই এই সন্দৰ্ভত জনোৱা তথ্য অনুসৰি, দুৰ্গম কেন্দ্ৰবোৰলৈ যোৱাৰ সুবিধাৰ বাবে পাঁচটা স্থানত ইণ্টাৰমিডিয়াৰী ষ্ট্ৰং ৰূম স্থাপন কৰা হৈছে ৷ এই পাঁচটা স্থান হৈছে ক্ৰমে বাঘমাৰা, কাছুমৰা, মন্দিয়া, বহৰি আৰু ডুমুৰী ৷ দেওবাৰৰ প্ৰতিকূল বতৰৰ মাজতো ভোটগ্ৰহণকাৰীসকলে ভোটকেন্দ্ৰলৈ ৰাওনা হয় ৷

লগতে পঢ়ক : কৈঠালকুছিত ৰণডংকা : মোদীৰ প্ৰংশসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.