ETV Bharat / politics

কৈঠালকুছিত ৰণডংকা : মোদীৰ প্ৰংশসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Sarbananda Sonowal : টিহুৰ কৈঠালকুছিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ । ফণীভূষণ চৌধুৰীৰ হৈ বিজয় সংকল্প যাত্ৰাৰে কৈঠালকুছি হাইস্কুল খেলপথাৰত মন্ত্ৰীগৰাকীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ ।

LOK SABHA ELECTION 2024
সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ (ইটিভি ভাৰত অসম)
author img

By ETV Bharat Assamese Team

Published : May 5, 2024 at 4:56 PM IST

Updated : May 5, 2024 at 5:51 PM IST

2 Min Read
সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ (ইটিভি ভাৰত অসম)

নলবাৰী, 5 মে’ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ দেওবাৰে অন্তিমটো দিন । এই অন্তিম দিনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে নলবাৰীত প্ৰচাৰ চলালে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চন্দ্ৰমোহন পাটোৱাৰী নেতৃত্বাধীন টিহু সমষ্টিৰ কৈঠালকুছিত দেওবাৰে লোকসভা নিৰ্বাচনৰ অন্তিমখন নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা চাৰি সহস্ৰাধিক ৰাইজক সম্বোধন কৰি মন্ত্ৰী সোণোৱালে দেশৰ জনগণৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ ৰাইজৰ স্বাৰ্থত বলিষ্ঠভাৱে কাম কৰা মানুহজনেই নৰেন্দ্ৰ মোদী বুলি মন্তব্য প্ৰকাশ কৰে ।

সমাজখনৰ মনোবল বৃদ্ধি কৰি দেশৰ উন্নয়নত গুৰুত্ব দিয়া বুলি কোৱাৰ সমান্তৰালকৈ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কংগ্ৰেছৰ কাৰ্যকালত সমাজৰ বাবে যি বিলাক পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, সেয়া নকৰিলে বুলি মন্তব্য কৰি মন্ত্ৰী সোণোৱালে কয় যে, মানবীয় প্ৰমূল্যবোধেৰে সমাজখনক আগবঢ়াই নিব লাগিব । সেয়া সম্ভৱ হ’ব অকল মোদীৰ নেতৃত্বত বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

এইদৰে নলবাৰীৰ কৈঠালকুছি হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত উদাত্ত ভাষণ প্ৰদানেৰে নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে । এই নিৰ্বাচনী সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতিৰ লগতে অন্যান্য দলীয় নেতৃত্ব ৷

উল্লেখ্য যে, আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰটো দিন ৷ সন্ধিয়া 5 বজাৰ লগে লগে সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে দূৰণিবটীয়া ঠাইত অৱস্থিত ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল ৷

লগতে পঢ়ক : অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰীকা, বিটিআৰত আসন দখলৰ দাবী - LOK SABHA ELECTION 2024

Last Updated : May 5, 2024 at 5:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.