ETV Bharat / politics

অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰীকা, বিটিআৰত আসন দখলৰ দাবী - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 4:39 PM IST

Minister Pijush Hazarika : চিৰাঙৰ মুছলমান অধ্যুষিত অঞ্চল নাঙলভাঙাত অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীয়ে বিটিআৰতো আসন দখল কৰাৰ দাবী কৰে ৷

Minister Pijush Hazarika
বিটিআৰত আসন দখলৰ দাবী (ইটিভি ভাৰত অসম)
বিটিআৰত আসন দখলৰ দাবী (ইটিভি ভাৰত অসম)

চিৰাং, 5 মে’ : আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰটো দিন ৷ সন্ধিয়া 5 বজাৰ লগে লগে সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যে দূৰণিবটীয়া ঠাইত অৱস্থিত ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল ৷

দেওবাৰে অন্তিমটো দিনৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীয়ে চিৰাং জিলাৰ অতিকৈ পিছপৰা তথা মুছলমান প্ৰধান অঞ্চল নাঙলভাঙাত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷ মন্ত্ৰীগৰাকীয়ে সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, বিটিআৰত অনায়াসে আসন দখল কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৷

কিয়নো প্ৰায় 20 বছৰ পূৰ্বে বিটিআৰৰ পৰিৱেশ আজিৰ দৰে নাছিল ৷ ইয়াৰ পৰিৱৰ্তে হত্যা, হিংসা, লুণ্ঠনৰে প্ৰতিনিয়ত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল ৷ বিটিআৰলৈ শান্তি ঘূৰাই অনাৰ মূলতে হৈছে বিজেপি চৰকাৰ ৷ শান্তিৰ সমানে প্ৰগতিৰ পথতো আজি আগবাঢ়িছে বিটিআৰবাসী ৷ গতিকে কোনেও আৰু পূৰ্বৰ পৰিৱেশ আজিৰ দিনত নিবিচাৰে ৷

গতিকে বিটিআৰত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী হাজৰীকাই ৷ ইয়াৰ বিপৰীতে যদি কোনোৱে বিপিএফৰ দৰে ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ভোটদান কৰে, তেন্তে সেয়া হাতৰ কুঠাৰ ভৰিত মৰাৰ লেখীয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ বিপিএফ জয়ী হ’লে পুনৰ জংগলৰাজ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ দাবী কৰে ৷

কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে প্ৰায় 2 লক্ষাধিক ভোটত জয়ী হোৱাৰ দাবী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ তিনিটাই বিজেপিয়ে দখল কৰাৰ বিপৰীতে এটা সমষ্টিত নিৰ্বাচনী যুঁজ কিছু কঠিন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পীযুষ হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে সদায়ে ৰাইজৰ হকে কাম কৰিবলৈ উৎসাহিত হৈ থাকে ৷ তদুপৰি ৰাইজৰ উৎসাহো কোনোগুণে কম নহয় ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সভাত জনস্ৰোত বোৱা দেখা যায় বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

উল্লেখ্য যে, দেওবাৰৰ এই নিৰ্বাচনী সভাত বিধায়ক সুশান্ত বৰগোঁহাইৰ লগতে দলীয় নেতা-কৰ্মীসকলে মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ৷

লগতে পঢ়ক: ভোট যুদ্ধৰ শেষ প্ৰচাৰ; ৪ সমষ্টিত অন্তিম শক্তি প্ৰদৰ্শনৰ প্ৰয়াস প্ৰাৰ্থীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.