ETV Bharat / politics

ভোট যুদ্ধৰ শেষ প্ৰচাৰ; ৪ সমষ্টিত অন্তিম শক্তি প্ৰদৰ্শনৰ প্ৰয়াস প্ৰাৰ্থীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:32 PM IST

Last campaign in Assam
ভোট যুদ্ধৰ আজি শেষ প্ৰচাৰ (Twitter)

Last campaign in Assam : ভোট যুদ্ধৰ আজি শেষ প্ৰচাৰ... ৷ অন্তিম প্ৰচাৰত ৪ সমষ্টিত শেষ স্পৰ্শৰে শক্তি প্ৰদৰ্শন প্ৰাৰ্থীৰ ।

গুৱাহাটীৰ, ৫ মে' : আজি (দেওবাৰ) বিয়লি ৫ বজাত অন্ত পৰিব ৭ মে’ত হ’বলগীয়া অসমৰ ৪ টা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটৰ প্ৰচাৰ অভিযান । আজি নিজ নিজ সমষ্টিত প্ৰচাৰৰ সামৰণি মাৰিব লাগিব প্ৰাৰ্থীসকলে ৷ বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শেষ স্পৰ্শ দিয়াত পুৱাৰে পৰা ব্যস্ত প্ৰাৰ্থী, দলসমূহৰ নেতা-কৰ্মী ।

কেৱল অসমতে নহয় সমগ্ৰ দেশৰ মুঠ ১২খন ৰাজ্যৰ ৯৪ টা লোকসভা সমষ্টিত ৭ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ এই ৯৪ টা সমষ্টিতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী আজি আবেলি ৫ বজাত প্ৰচাৰ অভিযান সামৰণি মাৰিব লাগিব সকলোৱে ।

চৰ্চাত কোন কোন প্ৰাৰ্থী ?

৭মে’ৰ দিনা গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী - এই চাৰিও সমষ্টিতে মুঠ ৪৭ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ধুবুৰী সমষ্টি :-

ধুবুৰী লোকসভা সমষ্টিত ১৩ জনকৈ প্ৰাৰ্থী থাকিলেও সমষ্টিটোত দুই হেভীৱেট প্ৰাৰ্থী কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল ৷ দুয়োজনৰ বাকযুদ্ধ, আক্ৰমণ-প্ৰত্যাক্ৰমণে সমগ্ৰ অসমৰে দৃষ্টি আক্ৰমণ কৰিবলৈ সক্ষম হৈছে ।

ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীয়ে জনসভা কৰাৰ উপৰিও গৌৰৱ গগৈ অখিল গগৈ আদিয়েও প্ৰচাৰ চলোৱা দেখা গ’ল । বিশেষকৈ অখিল গগৈৰ সভাসমূহত দেখা গ’ল বিপুল জনসমাগম । আনহাতে, বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কট্টৰ মুছলিমপন্থী ৰাজনীতিক বুলি পৰিচিত হায়দৰাবাদৰ সাংসদ AiMIM ৰ নেতা আচাদউদ্দিন ওৱাইছি ।

তৃতীয়জন চৰ্চাত থকা প্ৰাৰ্থী হ’ল বিজেপিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক জাভেদ ইছলাম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অগপ সভাপতি, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত আদিয়ে জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলালে ৷ প্ৰাক্তন কোচ ৰাজবংশী ছাত্ৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায়ো ধুবুৰীৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৷ কিন্তু প্ৰচাৰেই চলোৱা দেখা নগ’ল বিশ্বজিৎ ৰায়ে ৷ এক কথাত চৰ্চালৈয়ে নাহিল তেওঁৰ প্ৰাৰ্থিত্ব ।

গুৱাহাটী :-

কি বিজেপি, কি কংগ্ৰেছ সকলোৰে বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টি ৷ গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ বিজুলি কলিতাৰ মাজত যুঁজখন মূলত আৱদ্ধ থকা দেখা গৈছে ।

আজি গুৱাহাটীৰ ৰাজপথত মীৰা-বিজুলীৰ শক্তি প্ৰদৰ্শন :

প্ৰচাৰৰ অন্তিম দিনা গুৱাহাটী মহানগৰীত কংগ্ৰছে আৰু বিজেপি দুয়োটা দলেই উলিয়ালে নিৰ্বাচনী ৰেলী । আজি BJYM ৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় বিশাল বাইক ৰেলী । বিজুলী কলিতা মেধিৰ সমৰ্থনত বাইক ৰেলীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

খানাপাৰাৰ পৰা লতাশিল খেন পথাৰলৈ বাইক ৰেলীৰে বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীত শক্তি প্ৰদৰ্শনৰে ভোট যুদ্ধৰ প্ৰচাৰত শেষ পৰশ যেন বিজেপিৰ । আনহাতে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনৰ পৰা দিশপুৰৰ কংগ্ৰেছৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ মীৰা বৰঠাকুৰৰ হৈ কংগ্ৰেছৰ আজি এক ৰেলীৰে শেষ দিনৰ প্ৰচাৰ অভিযান ৷ অগপৰ যুৱ পৰিষদেও গুৱাহাটীত উলিয়াই বিজুলী কলিতা মেধিৰ সমৰ্থনত বাইক ৰেলী ৷

আনহাতে, গুৱাহাটীত ফাচী বজাৰ হৈ পৰিল কংগ্ৰেছ-বিজেপি দুয়োটাৰে বাবে এইবাৰ প্ৰচাৰত হৈ পৰিল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ দুয়োৱেই ফাচী বজাৰত হিন্দী ভাষণেৰে হিন্দীভাষিক ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা দেখা গৈছিল । আগদিনা কংগ্ৰেছৰ গৌৰৱ গগৈৰ প্ৰচাৰ সভা আৰু ঠিক তাৰ পিছদিনাই মুখ্যমন্ত্ৰীৰ সভা দেখা গ’ল ফাচী বজাৰত ৷

বৰপেটা :-

বৰপেটাত এইবাৰ চৰ্চাত আছে তিনি প্ৰাৰ্থী -

১/ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চোধুৰী

২/ চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ

৩/ কংগ্ৰেছৰ দীপ বায়ন

লগতে এজেপি ত্যাগ কৰি বৰপেটাত প্ৰতিদন্দ্বিতা কৰি চৰ্চালৈ আহিছিল নিৰ্দলীয় দুলু আহমেদ । একে মিত্ৰজোঁটত থকাৰ পাচতো কংগ্ৰেছ আৰু চিপিআইএমে পৃথকে পৃথকে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বিৰোধী শিবিৰ আজিও ভোট বিভাজনৰ শংকাত আছে ।

আনহাতে কংগ্ৰেছৰ দীপ বায়নৰ হৈ প্ৰচাৰ চলাবলৈ আহিল দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে । বিৰোধী মিত্ৰজোঁটৰ ৰাইজৰ দল আদিয়ে সমৰ্থন দিয়া দেখা গ’ল চিপিআইএমৰ প্ৰাৰ্থীক । মনোৰঞ্জন তালুকদাৰৰ হৈ বৰপেটাত প্ৰচাৰ চলালে দলটোৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা সীতাৰাম য়েচুৰী, মানিক সৰকাৰ, ৯৫ বছৰীয়া নেতি হেমেন দাস আদিয়ে ৷

ফণীভূষণ চোধুৰীৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাজনাথ সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ অতুল বৰা আদি হাই প্ৰফাইল নেতাৰ প্ৰচাৰ দেখা গ’ল বৰপেটাত ৷ প্ৰচাৰ কালত জনসভাত ফণীভূষণ চৌধুৰীৰ ক্লান্ত হৈ শুই পৰা ভিজুৱেলছে বিশেষ চৰ্চা লাভ কৰিলে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ৷

কোকৰাঝাৰ :-

কোকৰাঝাৰ সমষ্টিতো শাসক-বিৰোধীৰ যুঁজে এইবাৰৰ নিৰ্বাচনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ন্যায়ালয়ত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোৰ দুবাৰৰ সাংসদ নৱ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ ভুৱা প্ৰমাণিত হোৱাৰ লগে লগে ৰাজনীতিৰ ৰেহ-ৰূপেই এইবাৰ সলনি হৈ পৰিল কোকৰাঝাৰত ।

মূলত চৰ্চালৈ আহিল বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিপিএফক প্ৰাৰ্থী খাম্ফা বসুমতাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন বসুমতাৰীৰ নাম । বিজেপিৰ মিত্ৰজোঁটৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই প্ৰচাৰ চলালে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সঘনাই প্ৰচাৰ চলোৱা দেখা গ’ল কোকৰাঝাৰ সমষ্টিত ।

৫ বজাত অন্ত পৰিব প্ৰচাৰ :-

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অসমৰ চাৰিওটা সমষ্টিত বিয়লি ৫ বজাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ অভিযোনৰ সামৰণি মাৰিব লাগিব । প্ৰভাৱহীন মুক্ত ভোটদান সম্পন্ন কৰাৰ উদ্দেশ্যৰে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি আজি সন্ধিয়া ৫ বজাৰ পৰা ভোটগ্ৰহণ শেষ হোৱালৈকে প্ৰত্যক্ষ বা পৰোক্ষ যি কোনো ধৰণৰে নির্বাচন সম্পৰ্কীয় প্রচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব কোনেও ।

আইন অনুসৰি নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰতিটো পর্যায়তে ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে সকলোৱে নির্বাচনী প্ৰচাৰ সমাপ্ত কৰাটো বাধ্যতামূলক । অসমতো ৭ মে'ৰ তৃতীয় পৰ্যায়ৰ ৪ টা সমষ্টিৰ নিৰ্বাচনৰ বাবে আজি বিয়লি ৫ বজাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব ।

সেই অনুসৰি বিয়লিৰ ৫ বজাৰ পৰা কোনোৱেই নির্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্রা আদি সামৰিব লাগিব ৷ মুঠতে যিকোনো ৰূপত নির্বাচনী প্ৰচাৰ চলাব নোৱাৰিব কোনেও ।

লগতে পঢ়ক :

গুৱাহাটীবাসীক নালাগে নিমাতী কইনাৰূপী সাংসদ - Lok Sabha Election 2024

সংখ্যালঘু লোকৰ সমৰ্থন পাই উৎফুল্লিত অতুল বৰা-ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতিৰ বন্য়া - Lok Sabha election 2024

ধুবুৰীৰ ভোটাৰলৈ আছাদুদ্দিন ওৱেইছিৰ আহ্বান; ভোট দিয়ক আজমল ভাইক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.