ETV Bharat / politics

ধুবুৰীৰ ভোটাৰলৈ আছাদুদ্দিন ওৱেইছিৰ আহ্বান; ভোট দিয়ক আজমল ভাইক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 11:04 AM IST

Asaduddin Owaisi : ভিডিঅ' বাৰ্তাযোগে ধুবুৰীৰ ভোটাৰক বদৰুদ্দিন আজমলক ভোট দিবলৈ আহ্বান আছাদুদ্দিন ওৱেইছিৰ । 'বড়ে ভাই' সম্বোধনেৰে আজমলৰ হৈ ভোট খুজিলে ওৱেইছিয়ে ।

Lok Sabha Election 2024
Asaduddin Owaisi (ETV Bharat)

গুৱাহাটী, ৪ মে’: ধুবুৰীত বদৰুদ্দিন আজমলক ভোট দিবলৈ আহ্বান আছাদুদ্দিন ওৱেইছিৰ ৷ তৃতীয় পৰ্যায়ত অহা ৭ মে’ত হ’বলগীয়া ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে AIMIM (All India Majlis-E-Ittehadul Muslimeen)ৰ নেতা আছাদুদ্দিন ওৱেইছি । এক ভিডিঅ’ বাৰ্তাযোগে AIUDF ৰ সাংসদ ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক ভোট দিবলৈ আহ্বান জনাইছে তেওঁ ৷

আজমলক ভোট দিবলৈ ধুবুৰীবাসীৰ প্ৰতি আহ্বান জনোৱা ওৱেইছিৰ এই ভিডিঅ’ বাৰ্তা সামাজিক মাধ্যমৰ যোগেদি প্ৰেৰণ কৰি ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আজমলৰ সমৰ্থকসকলে । এইবাৰ ধুবুৰীত নিৰ্বাচনত যথেষ্ট প্ৰত্যহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে সমষ্টিটোৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল ৷

প্ৰায় ৮০ শতাংশ মুছলিম ভোটাৰ থকা ধুবুৰী লোকসভা সমষ্টিত সেয়ে আজমলে ভোটাৰক আকৃষ্ট কৰিবলৈ তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ কৰিছিল দেশৰ ভিতৰতে সংখ্যালঘু ৰাজনীতিৰ এজন প্ৰভাৱশালী ৰাজনীতিক আছাদুদ্দিন ওৱেইছিক । পিছে ওৱেইছিয়ে ব্যক্তিগত কাৰণত ধুবুৰীলৈ আজমলৰ হৈ প্ৰচাৰ চলাবলৈ আহিব নোৱাৰিলে যদিও প্ৰেৰণ কৰিলে এটা ভিডিঅ’ বাৰ্তা ।

ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক 'বড়ে ভাই’ সম্বোধনেৰে ভিডিঅ’টোত ওৱেইছিয়ে ধুবুৰীবাসীলৈ আহ্বান জনাইছে, "মই ধুবুৰীবাসী সকলো ভোটাৰলৈ আহ্বান জনাইছো যে এইবাৰৰ লোকসভা নিৰ্বাচনত আপোনালোকে মোৰ জ্যেষ্ঠ ভাতৃ বদৰুদ্দিন আজমলক ভোট দি সংসদলৈ পঠিয়াওক ৷ আজমল আৰু তেওঁৰ দল-প্ৰতিষ্ঠানে আপোনালোকৰ বাবে সেৱা আগবঢ়াই আহিছে ।"

লগতে ওৱেইছিয়ে কয়, “আজমল চাহাবে মোক আপোনালোকৰ মাজত জনসভালৈ ভাগ ল’বলৈ মাতিছিল যদিও মই যাব নোৱাৰিলো । মই আজমল চাহাবক সমূহ অসমবাসীক সহযোগিতা কৰিবলৈ আহ্বান জনোৱাৰ লগতে ধুবুৰীবাসীক বদৰুদ্দিন আজমলক ভোট দি সংসদলৈ পুনৰবাৰ নিৰ্বাচিত কৰি পঠিয়াবলৈ অনুৰোধ জনাইছো যাতে সংসদত আপোনালোকৰ বলিষ্ঠ কণ্ঠ প্ৰতিফলিত হয় ।”

উল্লেখ্য যে, AIMIM ৰ নেতা আছাদুদ্দিন ওৱেইছি চাৰিবাৰকৈ হায়দৰাবাদৰ পৰা সংসদৰূপে নিৰ্বাচিত হৈ আহিছে । Royal Islamic Strategic Studies Centre (RISSC)ৰ বিশ্বৰ প্ৰভাৱশালী ৫০০ গৰাকী মুছলিম নেতাৰ তালিকাতো ওৱেইছিৰ নাম প্ৰায় নিয়মিতভাৱে সন্নিৱিষ্ট হৈ আহিছে । ধুবুৰীত ওৱেইছিৰ এই ভিডিঅ’ প্ৰচাৰে ভোটাৰক কিদৰে আজমলৰ পক্ষে আকৰ্ষিত কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: আজমলক ৰণত পেলাব পাৰিবনে ৰকিবুলে ? শক্তি দেখুৱাব পাৰিবনে অগপৰ জাভেদে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.