ETV Bharat / politics

সংখ্যালঘু লোকৰ সমৰ্থন পাই উৎফুল্লিত অতুল বৰা-ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:50 PM IST

Barpeta Lok Sabha Constituency: সংখ্যালঘু লোকৰ সমৰ্থন লাভ কৰি উৎফুল্লিত হৈ পৰিছে অতুল বৰা ৷ বৃদ্ধি পাইছে আত্মবিশ্বাস ৷ ফণীভূষণ চৌধুৰীয়েও প্ৰমাণ পালে সংখ্যালঘুসকলৰ তেওঁলোকৰ লগত আছেনে নাই !

PHANI BHUSAN CHOUDHARY ROAD SHOW
বৰপেটাত ফণীভূষণ চৌধুৰীৰ সমৰ্থনত ৰোড শ্ব’ (Etv Bharat)

বৰপেটাত ফণীভূষণ চৌধুৰীৰ সমৰ্থনত ৰোড শ্ব’ (Etv Bharat)

বৰপেটা, ৪ মে’: ধৰ্মীয় সংখ্যালঘু লোকৰ সমৰ্থন লাভ কৰি অতুল বৰা নিশ্চিত যে বৰপেটাত ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত ৷ কেৱল জয়লাভ কৰাই নহয়, বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ৰ হাঁহি মাৰিব ৷

অগপৰ সভাপতিগৰাকীৰ মতে তেওঁলোকে আগৰে পৰা কৈ আহিছিল যে বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজৰ সমৰ্থন লাভ কৰি অত্যন্ত আত্মবিশ্বাসী হোৱা বুলি উল্লেখ কৰে অতুল বৰাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে শনিবাৰে বৰপেটাৰ পাকাবেতবাৰী সমষ্টিৰ কয়াকুছিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এক ৰোড শ্ব' উলিওৱা হয় ৷ উক্ত ৰোড শ্ব'টোত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী অপ্ৰতিৰোধ্য, অপৰাজেয় ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো সমষ্টিটোত ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ প্ৰসংগত অতুল বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীগৰাকী এনেই জনপ্ৰিয় ৷ সমষ্টিটোত মুখ্যমন্ত্ৰীয়েও ব্যাপক জনসমৰ্থন লাভ কৰিছে ৷’’ ফণীভূষণ চৌধুৰী জনতাৰ মানুহ বাবেই আঠবাৰকৈ বিধানসভালৈ জনতাই নিৰ্বাচন কৰা বুলি উল্লেখ কৰে অতুল বৰাই ৷

আনহাতে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় সংখ্যালঘু লোকসকল তেওঁলোকৰ লগত আছেনে নাই তাকে চাবলৈ ৰোড শ্ব’টোৰ আয়োজন কৰা হৈছিল ৷ ৰোড শ্ব’টোত হাজাৰ হাজাৰ সংখ্যালঘূ লোকৰ অংশগ্ৰহণে প্ৰমাণ কৰিলে যে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে অভিলেখ সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ’ব ৷ সেই কথাও ক’লে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৰা হিন্দু-মুছলমান সকলো উপকৃত হৈছে বুলি উল্লেখ কৰি ফণীভূষণ চৌধুৰীয়ে কয় যে সেই কথা সংখ্যালঘু লোকসকলে উপলব্ধি কৰিছে ৷ সেই উপলব্ধিৰ ফলতেই বিজেপি মিত্ৰজোঁটক সমৰ্থনৰ বাবে সংখ্যালঘু লোকসকল আগবাঢ়ি আহিছে বুলি কয় বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: নিমাতী কইনা সাংসদ নালাগে আমাক: গুৱাহাটীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.