লখিমপুৰত দুৰ্বৃত্তই নিশা ভাঙি চুৰমাৰ কৰিলে কংগ্ৰেছৰ পোষ্টাৰ, তোৰণ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:45 AM IST

thumbnail

লখিমপুৰ, 20 জানুৱাৰী : গোগামুখত পৰা কিছু সময়ৰ পাচতে লখিমপুৰত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্রাই ৷ ইতিমধ্যে সাজু হৈ পৰিছে দলীয় কৰ্মী ৷ আনহাতে লখিমপুৰ নগৰৰ মাজেৰে আজি যাত্ৰা কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷

ইফালে কংগ্ৰেছ নেতাগৰাকীক আদৰিবলৈ নগৰখনৰ বিভিন্ন স্থানত আঁৰি দিয়া হৈছিল বেনাৰ, পোষ্টাৰ, তোৰণ আৰু ফলক ৷ কিন্তু শুকুৰবাৰে নিশা দুৰ্বৃত্তই কিছু তোৰণ আৰু ফলক ভাঙি চূৰমাৰ কৰে ৷ যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লখিমপুৰত ৷ 

এই ক্ষেত্ৰত কংগ্ৰেছ নেতা জয় প্ৰকাশ দাসে সামাজিক মাধ্যমত কয়, ‘‘ভাৰত জোড়ো ন্যায় যাত্রা প্ৰৱেশৰ প্ৰাক-মুহূৰ্তত এনে ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।’’ লখিমপুৰত এয়া কি হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে দাসে ৷

লগতে পঢ়ক : বিজেপিৰ গোচৰলৈ ভয় নকৰে ৰাহুল গান্ধীয়ে : কংগ্ৰেছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.