ETV Bharat / state

বিজেপিৰ গোচৰলৈ ভয় নকৰে ৰাহুল গান্ধীয়ে : কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 4:28 PM IST

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা লখিমপুৰ জিলা কংগ্ৰেছৰ । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক লৈ বিধায়ক ভৰত নৰহ আৰু কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ জয় প্ৰকাশ দাসৰ সংবাদমেল (Bharat Jodo Nyay Yatra)। যাত্ৰা বিফল কৰিবলৈ বিজেপিয়ে বিভিন্ন কৌশল অৱলম্বন কৰিছে । তেওঁলোকৰ বিজেপিৰ সকলো কৌশল বিফল হ'ব ।

Bharat Jodo Nyay Yatra
বিজেপিৰ গোচৰলৈ ভয় নকৰে ৰাহুল গান্ধীয়ে

বিজেপিৰ গোচৰলৈ ভয় নকৰে ৰাহুল গান্ধীয়ে : কংগ্ৰেছ

লখিমপুৰ, ১৯ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে । শনিবাৰে এই যাত্ৰাই লখিমপুৰত প্ৰৱেশ কৰিব । এই যাত্ৰাক লৈ জিলাখনত কংগ্ৰেছে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে । তাৰ প্ৰাকক্ষণত কংগ্রেছ নেতৃত্বই সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ নেতৃত্বৰ মতে দেশৰ কাৰণে প্ৰাণ বলিদান দিয়া পৰিয়ালৰ সন্তান ৰাহুল গান্ধী । অসম চৰকাৰৰ এজাহাৰলৈ ভয় নকৰে কংগ্রেছে । ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্রা সফল হ'ব ।

উল্লেখ্য যে যোৱা ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হোৱা এই যাত্রা শুকুৰবাৰে মাজুলীৰ পৰা আৰম্ভ হৈছে । কিন্তু কংগ্ৰেছে অভিযোগ কৰা মতে অসমত প্ৰৱেশ কৰা এই যাত্রা ব্যৰ্থ কৰিবলৈ চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰিছে । প্ৰাক্তন মন্ত্রী তথা বৰ্তমানৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহ, প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে চৰকাৰ তথা মুখ্যমন্ত্রীক কঠোৰ সমালোচনা কৰে ।

মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্রাক লৈ চৰকাৰে গোচৰ দিয়াৰ প্ৰসংগ তুলি কয় যে ৰাহুল গান্ধীয়ে গোচৰলৈ ভয় নকৰে । এটা নহয় বহু গোচৰ দিলেও ৰাহুল গান্ধীয়ে ভয় নকৰে । এই যাত্রাৰ বাবে অনুমতিৰ প্ৰসংগত দাসে কয় যে খোজ কাঢ়িবলৈ অনুমতিৰ কিহৰ প্ৰয়োজন ? কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ৰাহুল গান্ধীয়ে ইয়াৰ পূৰ্বে যাত্রা কৰিলে । তাত একো সমস্যা হোৱা নাছিল । কিন্তু অসমত অহাৰ লগে লগে খোজ কাঢ়িবলৈ চৰকাৰৰ অনুমতি লগা হ'ল ।

তেওঁৰ মতে যদি ন্যায় যাত্রাৰ বাবে যান-জঁট আদিৰ দৰে সমস্যা হয় সেয়া চৰকাৰে ঠিক কৰক । কিন্তু তাকে নকৰি এই যাত্রা বিফল কৰিবলৈ চৰকাৰে বিভিন্ন কৌশল লৈছে বুলিও তেওঁ অভিযোগ কৰে । সংবাদমেলত ভাৰত জোড়ো ন্যায় যাত্রাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যকো গৰিহণা দিয়ে বিধায়ক ভৰত নৰহে । তেওঁ কয় যে এই যাত্রাই সকলো জাতি-জনগোষ্ঠীৰ লোকক সামৰি লৈছে । মুখ্যমন্ত্রীয়ে এক বিশেষ জনগোষ্ঠীক লৈ মন্তব্য কৰাটো গৰিহণাৰ যোগ্য । মুখ্যমন্ত্রীৰ মুখত এনে বক্তব্য শোভা নাপায় বুলিও কয় ভৰত নৰহে ।

তেওঁ অভিযোগ কৰা মতে চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্রাক বিফল কৰিবলৈ উঠিপৰি লাগিছে । লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্রা প্ৰৱেশ কৰোতে যাতে বিশেষকৈ মহিলাসকলে সহযোগ কৰিব নোৱাৰে তাৰ বাবে মহিলাসকলক ঋণৰ প্ৰ-পত্ৰ দিয়াৰ অজুহাতেৰে পঞ্চায়তসমূহলৈ মাতি পঠিওৱা হৈছে । তেওঁৰ মতে যোৰহাট জিলাতো একেই কৌশল অৱলম্বন কৰা হৈছিল । কিন্তু চৰকাৰ সফল নহ'ল । ৰাহুল গান্ধীৰ আগমনৰ সময়ত একাংশ সংগঠনে প্ৰতিবাদৰ প্ৰস্তুতি চলোকলৈও কংগ্ৰেছৰ বিধায়কগৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ইফালে লখিমপুৰ জিলাত ভাৰত জোড়ো ন্যায় যাত্রাৰ কাৰ্যসূচী সম্পৰ্কেও সংবাদমেলত কংগ্ৰেছৰ বিধায়কগৰাকীয়ে উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে পুৱা ৮ বজাত লখিমপুৰ নগৰৰ সমীপতে চৰাই মৰীয়াত থকা বীৰাংগনাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে । তাৰ পিচত তেওঁ প্ৰায় ৫ কিলোমিটাৰ পদযাত্রা কৰিব । পহুমৰাত থকা লাচিতৰ প্ৰতিমূৰ্তি, নাওবৈচাত থকা বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিতো ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জনাব ।

পৰৱৰ্তী সময়ত তেওঁ লালুকত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । তাৰ পৰা তেওঁ অৰুণাচললৈ ৰাওনা হ'ব । ইফালে ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সমানে লালুকত কংগ্রেছ নেতা জয়ৰাম ৰমেশ, জীতেন্দ্র সিং আৰু আন আন নেতাসকলে এখন সংবাদমেল সম্বোধন কৰিব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে । আনহাতে অসমত এই ভাৰত জোড়ো ন্যায় যাত্রা সফল কৰিবলৈ তেওঁ সকলো ৰাইজৰ সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক :ভুল বাটেৰে যোৰহাটত প্ৰৱেশ ভাৰত জোড়ো যাত্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.