ETV Bharat / state

ভুল বাটেৰে যোৰহাটত প্ৰৱেশ ভাৰত জোড়ো যাত্ৰাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:45 PM IST

Bharat Jodo Nyay Yatra: অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰথম দিনাই সমস্যাৰ সন্মুখীন কংগ্ৰেছ ৷ যোৰহাটত আইন অমান্য কৰাৰ অভিযোগ এই যাত্ৰাৰ বিৰুদ্ধে ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পথৰ বিপৰীতে ব্যস্ত পথত সোমাল ন্যায় যাত্ৰাৰ বাহন ৷

Bharat Jodo Nyay Yatra
ভুল বাটেৰে যোৰহাটত প্ৰৱেশ ভাৰত জোড়ো যাত্ৰাৰ

ভুল বাটেৰে যোৰহাটত প্ৰৱেশ ভাৰত জোড়ো যাত্ৰাৰ

যোৰহাট, 18 জানুৱাৰী: বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰা প্ৰথমটো দিনতেই যোৰহাটত সংঘটিত হয় এক অঘটন । প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথৰ বিপৰীতে ভুলবশতঃ যোৰহাট নগৰৰ অন্য পথেৰে প্ৰৱেশ কৰে এই ৰেলীয়ে ৷ তাৰ পিচতেই সৃষ্টি এক অনাকাংক্ষিত পৰিৱেশৰ ।

মৰিয়নীৰ পৰা যোৰহাটলৈ ৰাহুল গান্ধীয়ে বিয়লি আৰম্ভ কৰিছিল ভাৰত জোড়ো ন্যায় যাত্ৰা । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মৰিয়নীৰ দিশৰ পৰা আহি যোৰহাট নগৰৰ পি ডব্লিও ডি(PWD) পইন্ট হৈ কে বি ৰোডৰে জে বি কলেজৰ সন্মুখৰে আহি নেহৰু পাৰ্ক চাৰিআলিত কিছু সময়ৰ বাবে ৰাইজক সম্বোধন কৰিবৰ বাবে যোৰহাট জিলা প্ৰশাসনে নিৰ্দেশ দিছিল । এই মৰ্মে আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা কৰি উক্ত নিৰ্ধাৰিত পথচোৱা মুকলি কৰি ৰাখিছিল ।

কিন্তু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথৰ পৰিৱৰ্তে ভাৰত জোড়ো ন্যায় যাত্ৰাত থকা মিডিয়া ভান আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাৰক্ষীৰ বাহন ভুলবশতঃ যোৰহাট নগৰৰ অতি ব্যস্ততাপূৰ্ণৰ গড়আলিত প্ৰবেশ কৰে । ইয়াৰ লগে লগে গড়আলি আৰু পি ডব্লিও দি পইণ্টত কম সময়ৰ বাবে হ’লেও সৃষ্টি হয় এক বিশৃংখল পৰিৱেশৰ । পিচত ভুল পথৰ কথা গম পায় পুনৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথৰে আগবাঢ়ি যায় ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ।

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে জানি বুজি কোনেও কেতিয়াও ভুল নকৰে । ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত সৃষ্টি হোৱা এই বিশৃংখলতাৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে কে বি বাইজু নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ বাবে সাজু হৈছে । কিয়নো বিষয়াগৰাকীক এই যাত্ৰাৰ দায়িত্বত আছিল । বিষয়াগৰাকীয়ে চৰকাৰী নীতি উলংঘন কৰাৰ লগতে বিশৃংখল পৰিস্থিতিৰ বাবে দায়ী বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা : মৰিয়নীত বাধা, যোৰহাটত গোচৰৰ লগতে ব্যাপক জনসমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.