ETV Bharat / state

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা : মৰিয়নীত বাধা, যোৰহাটত গোচৰৰ লগতে ব্যাপক জনসমৰ্থন

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 9:31 PM IST

Bharat Jodo Nyay Yatra: মৰিয়নীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি নাপালেও যোৰহাটত ৰাইজৰ বিপুল সহযোগ লাভ কৰিলে ৰাহুল গান্ধীয়ে ৷ আজি নিশাটো যোৰহাটতে কটাব ৰাহুলে ৷ মৰিয়নীত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷

Rahul Gandhi rally
Bharat Jodo Nyay Yatra
যোৰহাটত ব্যাপক জনসমৰ্থন লাভ ৰাহুল গান্ধীৰ

যোৰহাট, 18 জানুৱাৰী: যোৱা 14 জানুৱাৰীত মণিপুৰ পৰা আৰম্ভ কৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বৃহস্পতিবাৰে অসমত প্ৰৱেশ কৰে ৷ এই যাত্ৰাই মৰিয়নীত প্ৰশাসনৰ অনুমতি লাভ নকৰিলে যদিও যোৰহাটৰ ৰাইজৰ সহাৰি ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে ৷ নাগালেণ্ডৰ পৰা আমগুৰি হালোৱাটিং হৈ মৰিয়নীত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ পুঠি নদীৰ কাষত অলপ জিৰণি লৈ মৰিয়নী হৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমদল প্ৰৱেশ কৰে যোৰহাট নগৰত ৷

যোৰহাট নগৰৰ পৰা 15 কিলোমিটাৰ নিলগৰ নিমাতী কুমাৰ গাঁৱত নিশা কটাব ৰাহুল গান্ধীয়ে ৷ শুকুৰবাৰে মাজুলীলৈ ৰাওনা হ'ব ৰাহুলৰ ন্যায় যাত্ৰাই । ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ন্যায় যাত্ৰাত জেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিঙৰ লগতে গৌৰৱ গগৈসহ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো শীৰ্ষ স্থানীয় নেতাই অংশগ্ৰহণ কৰিব ।

আনহাতে উক্ত ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কয় যে যোৰহাটত ৰাহুল গান্ধীয়ে প্ৰৱেশ কৰাৰ কাৰণে আজিহে মুখ্যমন্ত্ৰীৰ মনত পৰিল যোৰহাট আৰু মৰিয়নীৰ মহিলালৈ ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপও মহিলাসকলক বাধা দি ৰাখিব নোৱাৰিলে আৰু ৰাহুল গান্ধীৰ অহাৰ কাৰণেহে আজি মহিলাসকলে ৰাজ্য চৰকাৰ পৰা আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হ'ল ৷

তেওঁ লগতে কয় যে মহিলাসকলে আজি গামোচাৰ লগতে বিভিন্ন উপহাৰে ৰাহুল গান্ধীক সম্ভাষণ জনায় ৷ এই কথাই স্পষ্ট কৰিলে যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ শংকিত হৈ পৰিছে অসম চৰকাৰ ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে শুকুৰবাৰে ৰাহুল গান্ধী মাজুলীলৈ যোৱাৰ কথা আছিল যদিও সকলো ৰ’পেক্স ফেৰী ইতিমধ্যে চৰকাৰে বুক কৰিছে ৷ বৃহস্পতিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তেওঁৰ আগমনৰ দোহাই দি চৰকাৰে ৰ’পেক্স ফেৰীসমূহ বুকিং কৰিছে ৷ গতিকে ৰাহুল গান্ধী মাজুলীলৈ যাবলৈ হ’লে ভূটভূটী নাৱেৰেই যাব লাগিব ৷ গতিকে ৰাহুলৰ মাজুলী ভ্ৰমণ হ’ব নে নাই সেয়া এতিয়াও সন্দিহানত ৷ ইফালে ৰাহুল গান্ধীৰ বিৰুদ্ধে মৰিয়নীত এটা গোচৰ ৰুজু হোৱা বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সকীয়নি; গুৱাহাটীৰ ভিতৰেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.