মনোনয়ন দাখিলৰ পূৰ্বে কৃষ্ণগুৰু সেৱাশ্ৰমত আশীৰ্বাদ ল’লে সৰ্বানন্দ সোণোৱালে

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 4:30 PM IST

thumbnail

বৰপেটা, 19 মাৰ্চ: লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিললৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাতে মঙলবাৰে বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ৷ জিলাখনৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় সোণোৱাল । আশ্ৰমখনত উপস্থিত হৈ সোণোৱালে গুৰুনাম জপ কৰাৰ লগতে সুবৰ্ণ কুৰৰ উপাসনাগৃহত সেৱা‌ জনাই আৰ্শীবাদ গ্ৰহণ কৰে । 

উল্লেখ্য যে, সোণোৱাল কৃষ্ণগুৰুৰ ভক্ত তথা শিষ্য । সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সোণোৱালে কয়, "প্ৰতিটো শুভকামৰ পূৰ্বে মই গুৰুৰ আশীৰ্বাদ ল'বলৈ আহো । গতিকে মনোনয়ন দাখিলৰ আগত আশীৰ্বাদ ল'বলৈ আহিছো । সমাজৰ কাম, দেশৰ কামৰ বাবে গুৰুৰ আশীৰ্বাদ লাগে ।"

নিৰ্বাচনী ফলাফল সন্দৰ্ভত সোণোৱালে কয়, "অসমত বিজেপি মিত্ৰজোটে এঘাৰখনতকৈ অধিক আসন লাভ কৰিব । সেই সংখ্যা বাৰখনৰো অধিক হ'ব পাৰে । বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীয়েই জয়লাভ কৰিব ।" 

লগতে পঢ়ক: বৰপেটা চি পি আই (এম)ক এৰি দিবলৈ কংগ্ৰেছক আহ্বান ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.