ETV Bharat / politics

বৰপেটা চি পি আই (এম)ক এৰি দিবলৈ কংগ্ৰেছক আহ্বান ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 8:07 PM IST

Barpeta District CPIM
বৰপেটা জিলা চিপিআইএমৰ সম্পাদক

Lok Sabha Elections 2024: বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্রার্থিত্ব পুনৰ বিবেচনা কৰাৰ আহ্বান বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ স্বাক্ষৰ সম্বলিত পত্র প্ৰেৰণ ।

বৰপেটা জিলা চিপিআইএমৰ সম্পাদক

বৰপেটা, ১৮ মাৰ্চ: বৰপেটা লোকসভা সমষ্টিটো চি পি আই এমক এৰি দিবলৈ কংগ্ৰেছক আহ্বান জনাইছে ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে । বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিল যদিও বহুকেইটা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিবলৈ সক্ষম হোৱা নাই এই ঐক্য মঞ্চ । কংগ্ৰেছে এটা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ বিপৰীতে ১৩ টা সমষ্টিত নিজে প্ৰাৰ্থী থিয় কৰাইছে । ফলত বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি হোৱাত কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিছে । বৰপেটা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াৰ সমান্তৰালকৈ মিত্রদল চি পি আই এম দলেও মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা চিপিআইএমৰ সম্পাদক আজিজুৰ ৰহমানে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ বুদ্ধিজীৱীসকলৰ আহ্বানৰ প্ৰতি সহাৰি জনাই কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিটো চিপিআইএমক এৰি দিব নে তাক লৈ এতিয়া চলিছে চৰ্চা । এই সন্দৰ্ভত বৰপেটা জিলা চিপিআইএমৰ সম্পাদক আজিজুৰ ৰহমানে বুদ্ধিজীৱীসকলৰ পত্ৰক সন্মান জনোৱা বুলি মন্তব্য কৰে ৷ বৰপেটা আসনখন চিপিআইএম এৰি দিবলৈ পত্ৰ লিখা বাবে বুদ্ধিজীৱীসকলক ধন্যবাদ জনাই চিপিআইএম নেতাগৰাকীয়ে ৷ বিজেপিক পৰাজিত কৰাৰ বাবে বৰপেটা লোকসভাৰ আসনখন এৰি দিবলৈও কংগ্ৰেছক আহ্বান জনায় বৰপেটা জিলা চিপিআইএমৰ সম্পাদক গৰাকীয়ে ৷ বিৰোধী ঐক্য মঞ্চ একগোট হৈ বৰপেটাত নিৰ্বাচন খেলিলেহে বিজেপিক পৰাজিত কৰিব পাৰিব বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷ যদিহে কংগ্ৰেছে চিপিআইএমক বৰপেটা আসনখন এৰি দিয়ে তেন্তে বিৰোধীৰ জয় নিশ্চিত বুলিও তেওঁ দাবী কৰে ৷

উল্লেখ্য় যে ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিক আৰু বু্দ্ধিজীৱীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ বৰপেটাৰ আসনখন চিপিআইএমক এৰি দিয়াৰ দাবীত কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ পত্ৰ ৷ এক বিবৃতিযোগে বিশিষ্ট নাগৰিক আৰু বু্দ্ধিজীৱীসকলে কয় যে বিজেপিৰ বিগত দহটা বছৰৰ শাসন কালত দেশত সংবিধান তথা গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছে আৰু সাধাৰণ জনগণৰ জীৱন-জীৱিকা অবিৰাম আক্ৰান্ত হৈছে । আমাৰ ৰাজ্যখনলৈও নামি আহিছে ভয়ানক দুর্যোগ । এই পটভূমিত দেশ আৰু জনগণৰ স্বাৰ্থত বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক আগন্তুক লোকসভাৰ নির্বাচনটোৰ জৰিয়তে ক্ষমতাৰ পৰা উৎখাত কৰাটো অতি জৰুৰী আৰু দেশপ্রেমিক কর্তব্য হিচাপে বিবেচিত হৈছে বুলি তেওঁলোকে এই বিবৃতিটোত উল্লেখ কৰে ।

লগতে পঢ়ক:কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট নাগৰিকৰ বিশেষ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.