ETV Bharat / politics

কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট নাগৰিকৰ বিশেষ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 8:30 PM IST

Lok Sabha Election 2024: বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্রার্থিত্ব পুনৰ বিবেচনা কৰাৰ আহ্বান ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ স্বাক্ষৰ সম্বলিত পত্র । ৰাজ্যখনত বিৰোধী ঐক্য দৃঢ় আৰু বিজেপি তথা তেওঁলোকৰ সহযোগী অগপ দলক পৰাস্ত কৰাৰ স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো পুনৰ বিবেচনা কৰি দলৰ প্রার্থিত্ব প্ৰত্যাহাৰ কৰাৰ আহ্বান ।

Special appeal of a large number of prominent citizens of the state to the Congress
কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট নাগৰিকৰ বিশেষ আহ্বান

গুৱাহাটী, ১৭ মাৰ্চ: বৰপেটা সমষ্টিটো চি পি আই এমক এৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতি আহ্বান ৰাজ্যৰ ভালেসংখ্যক গণতান্ত্রিক মনোভাবাপন্ন আৰু স্বাধীন চিন্তাৰ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীৰ । এক বিবৃতিযোগে তেওঁলোকে কয় - 'বিজেপিৰ বিগত দহটা বছৰৰ শাসন কালত দেশত সংবিধান তথা গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছে আৰু সাধাৰণ জনগণৰ জীৱন-জীৱিকা অবিৰাম আক্ৰান্ত হৈছে । আমাৰ ৰাজ্যখনলৈও নামি আহিছে ভয়ানক দুর্যোগ । এই পটভূমিত দেশ আৰু জনগণৰ স্বাৰ্থত বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক আগন্তুক লোকসভাৰ নির্বাচনটোৰ জৰিয়তে ক্ষমতাৰ পৰা উৎখাত কৰাটো অতি জৰুৰী আৰু দেশপ্রেমিক কর্তব্য হিচাপে বিবেচিত হৈছে ।'

উল্লেখ্য যে সমাগত নির্বাচন সংক্ৰান্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক সম্বোধন কৰি চিন্তাবিদ-সমাজবিজ্ঞানী ড৹ হীৰেন গোহাঁই, শিক্ষাবিদ উদয়াদিত্য ভৰালী, ড৹ চন্দ্ৰমোহন শৰ্মা, সাংসদ অজিত কুমাৰ ভূঞা, আব্দুল মান্নান, ড৹ অপূৰ্ব্ব কুমাৰ বৰুৱা, ড৹ তপোধীৰ ভট্টাচাৰ্য, হাইদৰ হুছেইন, লক্ষ্মীনাথ তামুলী, ড৹ সীতানাথ লহকৰ, নিত্য বৰা, ড৹ জ্যোতিময় জানা, ড৹ ইন্দ্ৰানী দত্ত, ড৹ মনোৰমা শৰ্ম্মা, ড৹ মনিৰুল হুছেইন, শান্তনু বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্যৰ ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ স্বাক্ষৰ সম্বলিত এখন পত্র সভাপতি ভূপেন বৰাৰ হাতত ১৬ মাৰ্চত অৰ্পণ কৰা হয় । স্বাক্ষৰকাৰীসকলৰ হৈ বিশিষ্ট সমাজকর্মী দেৱেন তামুলী আৰু শংকৰ শ‍ইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক শনিবাৰে পত্ৰখন প্ৰদান কৰে ।

পত্ৰখনত কোৱা হয় যে বর্তমান পৰিস্থিতিত বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদ কৰিবলৈ হ'লে আগন্তুক নিৰ্বাচনত ধৰ্মনিৰপেক্ষ গণতান্ত্রিক বিৰোধী দলসমূহৰ মাজত আসনৰ ক্ষেত্ৰত কিছু বুজাবুজি হোৱা বাঞ্চনীয় । অসমৰ বৃহত্তম বিৰোধী দল হিচাপে বিৰোধী ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ দায়িত্ব সর্বাধিক বুলিও পত্রখনত উল্লেখ কৰা হয় । লগতে কংগ্ৰেছৰ দলক দিয়া পত্ৰখনত স্পষ্টকৈ আহ্বান জনোৱা হয় যে - 'ৰাজ্যখনত বিৰোধী ঐক্য দৃঢ় আৰু বিজেপি তথা তেওঁলোকৰ সহযোগী অগপ দলক পৰাস্ত কৰাৰ স্বাৰ্থত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো পুনৰ বিবেচনা কৰি দলৰ প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব লাগে । লোকসভাৰ বৰপেটা আসনখন চি পি আই এমক এৰি দিব লাগে বুলি আমাৰ সুচিন্তিত মতামত প্ৰকাশ কৰিছোঁ ।'

  • " class="align-text-top noRightClick twitterSection" data="">

তদুপৰি কংগ্ৰেছৰ দলৰ উদাৰ আৰু বাস্তৱ দৃষ্টিভংগীৰ ফলত দলটোৰ ভাৱমূৰ্তি সমগ্ৰ ৰাজ্যখনতে উজ্জ্বল হ'ব আৰু বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদকৰাৰ যুঁজখন সফল হ'ব বুলি পত্ৰখনত উল্লেখ কৰা হয় । আনহাতে পত্ৰখনৰ প্ৰতিলিপি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈও প্ৰেৰণ কৰা হয় ।

প্রদেশ কংগ্ৰেছ সভাপতিৰ হাতত প্ৰদান কৰা পত্ৰখনত স্বাক্ষৰ কৰা অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল ক্ৰমে ড৹ ৰমেশ চন্দ্ৰ কলিতা, ড৹ ৰজনীকান্ত দাস, ৰবীন দত্ত, ড৹ ঘনশ্যাম নাথ, ড৹ অহিজুদ্দিন শেখ, পৰেশ মালাকাৰ, মুনীন বায়ন, দেৱকান্ত সন্দিকৈ, ড৹ পৰমানন্দ মজুমদাৰ, সমীৰ মুখাৰ্জী, দেৱী প্রসাদ সিনহা, দেবেন তামুলী, শঙ্কৰ শ‍ইকীয়া, ড৹ হৰেন দাস, গুণীন চৌধুৰী, ড৹ পংকজলোচন বৈশ্য, ড৹ প্ৰণৱ তালুকদাৰ, অজিত পাটোৱাৰী, ড৹ মৃণাল বৰ্মন, বিপুল ডেকা, নগেন্দ্র নাথ দাস, শ্ৰীহংস ৰাম বৈশ্য, ডাঃ প্রতুল ভাগৱতী, ডাঃ মনোৰঞ্জন শৰ্মা, লোহিত কুমাৰ বৈশ্য, ড৹ তপন কুমাৰ ভৰালী, ড৹ ৰমণী বৰ্মন, লোহিত তালুকদাৰ আৰু দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা ৷

ইয়াৰ উপৰি ড৹ বাসুদেৱ দাস, দীপক কুমাৰ শৰ্মা, ড৹ বিষ্ণুপ্রসাদ শর্মা, খনীন তালুকদাৰ, কুলেশ চন্দ্ৰ শৰ্মা, ডাঃ অনিল কুমাৰ চৌধুৰী, মুকুল ডেকা, ড৹ অমৃত গোস্বামী, দীপক গোস্বামী, দ্বিজেন্দ্র বর্মণ, প্রমোদ চন্দ্ৰ ভূঞা, নাৰায়ণ ডেকা, ড৹ কালীপ্রসাদ শৰ্মা, ডাঃ ধীৰেশ্বৰ তালুকদাৰ, ভাৰত দত্ত, ড৹ সোনকুমাৰ তালুকদাৰ, বিভাস কুমাৰ দাস, গৌতম ভট্টাচার্য, জ্যোতিপ্ৰসাদ গগৈ, সমীন্দ্ৰ হুজুৰী, ড৹ ভূপেন শর্মা, আব্দুল ছালাম, ড৹ হাফিজ আহমেদ, নীলিম কুমাৰ, কৌস্তভমণি শ‍ইকীয়া, সমীৰ তাঁতী, কিশোৰ কুমাৰ কলিতা, উৎপল হালৈ, ৰমিছা বেগম, ড৹ বেগম বিলকিছ বানু, ড৹ ৰেকিব উদ্দিন আহমেদ আৰু ড৹ বাহাৰুল আলীয়ে এই পত্ৰখনত স্বাক্ষৰ কৰে । ৰাজ্যৰ এই বিশিষ্ট ব্যক্তিসকলে জনোৱা আহ্বানৰ প্ৰতি কংগ্ৰেছ দলে কিদৰে সঁহাৰি আগবঢ়াই সেয়া লক্ষণীয় হ'ব ।

উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দল একত্রিত হৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰিছে যদিও বহুকেইটা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিবলৈ সক্ষম হোৱা নাই বিৰোধী ঐক্য মঞ্চ । কংগ্ৰেছ দলে এটা সমষ্টি মিত্রদল অসম জাতীয় পৰিষদক এৰি দিয়াৰ বিপৰীতে ১৩ সমষ্টি নিজে ৰাখিছে । যাৰ ফলত বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি হোৱাৰ লগতে কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিছে । বৰপেটা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াৰ সমান্তৰালকৈ মিত্রদল চি পি আই এম দলেও প্ৰাৰ্থী দিছে । যাৰবাবে ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে বৰপেটা সমষ্টিৰ ক্ষেত্রত কংগ্ৰেছ দলক বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.