ETV Bharat / state

১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 10:04 AM IST

Lok Sabha election 2024: শনিবাৰে ঘোষণা হ'ল লোকসভা নির্বাচনৰ সময়সূচী । এই লৈ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিতে এতিয়া ৰাজনৈতিক দলসমূহৰ তৰণি নোহোৱা ব্যস্ততা । ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনিজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় । বিৰোধী দল কংগ্ৰেছে বৰ্তমানো ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম ।

Three candidates Named have been announced so far in Lakhimpur Lok Sabha constituency
১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা

লখিমপুৰ, ১৭ মাৰ্চ : শনিবাৰে বিয়লি ঘোষণা কৰা হ'ল লোকসভা নির্বাচনৰ সময়সূচী । লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা । ৰাজনৈতিক দলসমূহৰ ভিতৰে বাহিৰে এতিয়া কেৱল ক্ষমতা দখলৰ অংক । কোন সমষ্টিত কেনেদৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি সমষ্টিটো দখল কৰিব পাৰি তাৰেই ব্যাপক জল্পনা-কল্পনা চলিছে ৰাজনৈতিক দলসমূহৰ ভিতৰত ।

উল্লেখ্য ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনিটা ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । শাসকীয় বিজেপি দলৰ দখলত থকা লখিমপুৰ লোকসভা সমষ্টিটো পুনৰাই দখলৰ অংকৰে বিজেপি দলে পুনৰবাৰ প্ৰদান বৰুৱাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এবাৰ উপ-নিৰ্বাচন আৰু এবাৰ পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ অভিজ্ঞতাৰে পুষ্ট প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব দি সমষ্টিটো পুনৰাই দখলৰ অংক কৰিছে বিজেপিয়ে ।

বিজেপিয়ে প্ৰথমেই লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । আনহাতে তৃণমূল কংগ্রেছে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ঘনকান্ত চুতীয়াক । ছচিয়েলিষ্ট চেন্টাৰ অৱ ইণ্ডিয়া চমুকৈ এছইউচিআইয়ে লখিমপুৰ লোকসভা সমষ্টিত পল্লব পেগুক প্ৰাৰ্থিত্ব দিয়ে । এছইউচিআইয়ে অসমৰ ছখন আসনসহ সমগ্র দেশত ১৫৮ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী থিয় কৰাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত বিজেপি, তৃণমূল কংগ্রেছ আৰু এছইউচিআইয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছে এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই । প্ৰাৰ্থিত্বক লৈ ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ ভিতৰত কাক বাচনি কৰিব সেই লৈ বিপাঙত পৰি আছে দলৰ হাইকমাণ্ড । দেওবাৰে বিয়লি বা সন্ধ্যাৰ সময়লৈ কংগ্রেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্রই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কংগ্ৰেছে ভয়ত লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা নাই: মানৱ‌ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.