ETV Bharat / state

১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা

Lok Sabha election 2024: শনিবাৰে ঘোষণা হ'ল লোকসভা নির্বাচনৰ সময়সূচী । এই লৈ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিতে এতিয়া ৰাজনৈতিক দলসমূহৰ তৰণি নোহোৱা ব্যস্ততা । ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনিজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় । বিৰোধী দল কংগ্ৰেছে বৰ্তমানো ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম ।

Three candidates Named have been announced so far in Lakhimpur Lok Sabha constituency
১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনি প্ৰাৰ্থীৰ নাম ঘোষণা
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:04 AM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ, ১৭ মাৰ্চ : শনিবাৰে বিয়লি ঘোষণা কৰা হ'ল লোকসভা নির্বাচনৰ সময়সূচী । লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা । ৰাজনৈতিক দলসমূহৰ ভিতৰে বাহিৰে এতিয়া কেৱল ক্ষমতা দখলৰ অংক । কোন সমষ্টিত কেনেদৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি সমষ্টিটো দখল কৰিব পাৰি তাৰেই ব্যাপক জল্পনা-কল্পনা চলিছে ৰাজনৈতিক দলসমূহৰ ভিতৰত ।

উল্লেখ্য ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত তিনিটা ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । শাসকীয় বিজেপি দলৰ দখলত থকা লখিমপুৰ লোকসভা সমষ্টিটো পুনৰাই দখলৰ অংকৰে বিজেপি দলে পুনৰবাৰ প্ৰদান বৰুৱাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এবাৰ উপ-নিৰ্বাচন আৰু এবাৰ পূৰ্ণ পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ অভিজ্ঞতাৰে পুষ্ট প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব দি সমষ্টিটো পুনৰাই দখলৰ অংক কৰিছে বিজেপিয়ে ।

বিজেপিয়ে প্ৰথমেই লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । আনহাতে তৃণমূল কংগ্রেছে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ঘনকান্ত চুতীয়াক । ছচিয়েলিষ্ট চেন্টাৰ অৱ ইণ্ডিয়া চমুকৈ এছইউচিআইয়ে লখিমপুৰ লোকসভা সমষ্টিত পল্লব পেগুক প্ৰাৰ্থিত্ব দিয়ে । এছইউচিআইয়ে অসমৰ ছখন আসনসহ সমগ্র দেশত ১৫৮ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী থিয় কৰাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰ লোকসভা সমষ্টিত এই পৰ্যন্ত বিজেপি, তৃণমূল কংগ্রেছ আৰু এছইউচিআইয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছে এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই । প্ৰাৰ্থিত্বক লৈ ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ ভিতৰত কাক বাচনি কৰিব সেই লৈ বিপাঙত পৰি আছে দলৰ হাইকমাণ্ড । দেওবাৰে বিয়লি বা সন্ধ্যাৰ সময়লৈ কংগ্রেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্রই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কংগ্ৰেছে ভয়ত লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা নাই: মানৱ‌ ডেকা