উন্নয়নেই হ’ব বিজেপিৰ মূল নিৰ্বাচনী ইচ্ছ্যু : ৰঞ্জিত দত্ত

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:27 AM IST

thumbnail

চতিয়া, ৪ মাৰ্চ : লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৷ অসমৰ ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে । ইতিমধ্যে সকলোৰে জ্ঞাত যে, শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰে ৰঞ্জিত দত্তই ৷ ইয়াৰ পিচতে দেওবাৰে নিশা চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় ৰঞ্জিত দত্তই ।

জামুগুৰিহাটত থকা চতিয়া সমষ্টিৰ বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতে দলীয় নেতা কৰ্মীসকলে প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায় । প্ৰাৰ্থীগৰাকীয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত দলীয় নেতা-কৰ্মীৰ লগত আগন্তুক নিৰ্বাচন সম্পৰ্কীয় আলোচনাত মিলিত হয় ৷

দত্তই তেওঁক সংসদীয় ৰাজনীতিলৈ প্ৰক্ষেপ কৰাৰ বাবে বিজেপি দলৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ ওচৰত কৃতজ্ঞ বুলি উল্লেখ কৰি কয় যে আগন্তুক নিৰ্বাচনত উন্নয়নেই বিজেপি দলৰ মুল ইচ্ছ্যু ৷ অনাগত দিনত তেওঁ ৰাইজৰ হকে সেৱা আগবঢ়াই যাব বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.