ETV Bharat / politics

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:47 PM IST

Updated : Mar 2, 2024, 10:12 PM IST

Etv Bharat
Etv Bharat

Lok Sabha Election 2024: বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ৷ অসমৰ 11 খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা ৷

গুৱাহাটী, ২ মাৰ্চ: লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ সমগ্ৰ দেশৰ 195 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি তালিকাখন ঘোষণা কৰে ৷

অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে । আটাইকেইখন আসনতে আজি প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে । এই ১১ জন প্ৰাৰ্থীৰ ৫ গৰাকী নতুন প্ৰাৰ্থী ।

  • " class="align-text-top noRightClick twitterSection" data="">

নাম ঘোষিত হোৱা অসমৰ ১১ গৰাকী বিজেপি প্ৰাৰ্থী:

ডিব্ৰুগড়- সৰ্বানন্দ সোণোৱাল

Assam BJP Candidate
সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিব ডিব্ৰুগড়ৰ পৰা

গুৱাহাটী- বিজুলী কলিতা মেধি

Assam BJP Candidate
গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিজুলী কলিতা মেধিয়ে

নগাঁও- সুৰেশ বৰা

Assam BJP Candidate
নগাঁৱত বিজেপিৰ প্ৰাৰ্থী হ’ব সুৰেশ বৰা

ডিফু- অমৰছিং টিছ’

Assam BJP Candidate
ডিফুৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অমৰছিং টিছ’ই

কাজিৰঙা- কামাখ্যা প্ৰসাদ তাছা

Assam BJP Candidate
কামাখ্যা প্ৰসাদ টাছাই প্ৰতিদ্বন্দিতা কৰিব কাজিৰঙা সমষ্টিৰ পৰা

যোৰহাট- তপন কুমাৰ গগৈ

Assam BJP Candidate
যোৰহাটৰ পৰা তপন কুমাৰ গগৈয়ে কৰিব প্ৰতিদ্বন্দিতা

কৰিমগঞ্জ- কৃপানাথ মাল্লা

Assam BJP Candidate
কৰিমগঞ্জৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কৃপানাথ মাল্লাই

শিলচৰ- পৰিমল শুক্লবৈদ্য

Assam BJP Candidate
শিলচৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পৰিমল শুক্লবৈদ্যই

লখিমপুৰ- প্ৰদান বৰুৱা

Assam BJP Candidate
লখিমপুৰত পুনৰ প্ৰাৰ্থী হ’ব প্ৰদান বৰুৱা

দৰং-ওদালগুৰি- দিলীপ শইকীয়া

Assam BJP Candidate
দৰং-ওদালগুৰিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব দিলীপ শইকীয়াই

শোণিতপুৰ- ৰঞ্জিৎ দত্ত

Assam BJP Candidate
শোণিতপুৰত ৰঞ্জিৎ দত্তই লাভ কৰিলে টিকট

উল্লেখ্যে প্ৰাৰ্থিত্বৰ পৰা বৰ্তমানৰ কেবাগৰাকীও সাংসদৰ নাম কৰ্তন কৰা হ’ল ৷ ৫ খন নতুন মুখক প্ৰাধান্য দিছে বিজেপি দলে । ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঠাইত প্ৰাৰ্তিত্ব প্ৰদান কৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । শোণিতপুৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ ঠাইত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰঞ্জিত দত্তক ৷

ইফালে ডিফু সমষ্টিত সাংসদ হৰেন ছিং বে’ৰ ঠাইত প্ৰাৰ্থিত্ব দিয়া হ’ল অমৰ ছিং বে’ক । আনহাতে গুৱাহাটী সমষ্টিৰ টিকট হেৰুৱালে সাংসদ কুইন ওজাই । এগৰাকী বিফল সাংসদৰূপে চৰ্চিত কুইন ওজাৰ স্থান ল’লে বিজুলী কলিতা মেধিক ৷ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল সাংসদ ৰাজদীপ ৰায় । তেওঁৰ পৰিৱৰ্তে বিজেপিয়ে এইবাৰ দিল্লীলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন : সংসদলৈ অসমৰ পৰা নিৰ্বাচিত মহিলা সাংসদ‌

Last Updated :Mar 2, 2024, 10:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.