ETV Bharat / politics

লোকসভা নিৰ্বাচন : সংসদলৈ অসমৰ পৰা নিৰ্বাচিত মহিলা সাংসদ‌

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:08 PM IST

Updated : Mar 2, 2024, 3:30 PM IST

Women MPs from Assam : 1952 চনৰ 17 এপ্ৰিলত দেশত প্ৰথম লোকসভা গঠন হোৱাৰ পিচৰে পৰা বৰ্তমানলৈকে, এই সুদীৰ্ঘ সময়ছোৱাত অসমৰ পৰা বহু সাংসদ লোকসভালৈ নিৰ্বাচিত হৈছে ৷ কিন্তু এই সময়ছোৱাত আঙুলিৰ মূৰত গণিব পৰা মহিলা সাংসদ‌হে লোকসভালৈ নিৰ্বাচিত হৈছে ৷ জানো আহক লোকসভালৈ নিৰ্বাচিত অসমৰ মহিলা সাংসদসকলৰ বিষয়ে-

Women MPs from Assam
অসমৰ মহিলা সাংসদ সকল

গুৱাহাটী, 1 মাৰ্চ : ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ জ্বৰ ৷ দিন ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ চলাইছে ব্যাপক কুচকাৱাজ ৷ 14 টা সংসদীয় সমষ্টি দখলৰ বাবে এতিয়া দলসমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

1952 চনৰ 17 এপ্ৰিলত দেশত প্ৰথম লোকসভা গঠন কৰা হৈছিল ৷ তেতিয়াৰে পৰা এতিয়ালৈকে সুদীৰ্ঘ বছৰ বছৰ ধৰি অসমৰ পৰা বহু সাংসদ লোকসভালৈ নিৰ্বাচিত হৈছে ৷ কিন্তু এই সময়ছোৱাত আঙুলিৰ মূৰত গণিব পৰা মহিলা সাংসদ‌হে লোকসভালৈ নিৰ্বাচিত হৈছে ৷ অসমৰ পৰা এতিয়ালৈকে 10 গৰাকী মহিলা সাংসদহে লোকসভালৈ নিৰ্বাচিত হৈছে ৷ এই মহিলা সাংসদকেইগৰাকী হৈছে বণিলী খংমেন, ৰাণী মঞ্জুলা দেৱী, ৰছিদা হক চৌধুৰী, মফিদা আহমেদ, জোৎস্না চান্দ, ৰেণুকা দেৱী বৰকটকী, ৰাণী নৰহ, বিজয়া চক্ৰৱৰ্তী, সুস্মিতা দেৱ আৰু কুইন ওজা ৷

1/ বণিলী খংমেন : দেশৰ প্ৰথমখন লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা সাংসদ আছিল বণিলী খংমেন ৷ 1951 চনত অসমৰ স্বায়ত্বশাসিত জিলা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল খংমেনে ৷ তেওঁ KJD ৰ প্ৰাৰ্থী উইলচন ৰিডক পৰাস্ত কৰি অসমৰ প্ৰথম মহিলা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ পিছলৈ খংমেন অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল ৷

2/ ৰাণী মঞ্জুলা দেৱী: দ্বিতীয় লোকসভালৈ (1957-1962) নিৰ্বাচিত হোৱা অসমৰ মহিলা সাংসদগৰাকী হৈছে ৰাণী মঞ্জুলা দেৱী ৷ তেওঁ পিতম পুৰমৰ ৰজাৰ কন্যা আছিল ৷ গোৱালপাৰা সমষ্টিৰ পৰা 1957 চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ ৷

3/ মফিদা আহমেদ : দ্বিতীয় লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ অন্য এগৰাকী মহিলা সাংসদ আছিল মফিদা আহমেদ ৷ তেওঁ যোৰহাট সমষ্টিৰ পৰা 1957 ত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ সেইসময়ত লোকসভালৈ নিৰ্বাচিত হোৱা দেশৰ মুছলমান মহিলা সাংসদসকলৰ ভিতৰত অন্যতম আছিল মফিদা আহমেদ ৷

4/জোৎস্না চান্দ : একেৰাহে তৃতীয়, চতুৰ্থ, পঞ্চম লোকসভালৈ নিৰ্বাচিত হোৱা মহিলা সাংসদ হৈছে জোৎস্না চান্দ ৷ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কাছাৰ সমষ্টিৰ পৰা 1962 চনৰ পৰা 1967 চনলৈ, 1967-1971 আৰু 1971-1977 চনলৈ একেৰাহে তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল ৷

5/ৰেণুকা দেৱী বৰকটকী : তৃতীয় লোকসভালৈ নিৰ্বাচিত হোৱা আন গৰাকী সাংসদ হৈছে ৰেনুকা দেৱী বৰকটকী ৷ 1962 চনত বৰপেটা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তৃতীয় লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে 1977 চনত গুৱাহাটী সমষ্টিৰ পৰা জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ষষ্ঠ লোকসভালৈ নিৰ্বাচিত হয় ৷ 1977 চনৰ পৰা 1979 চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই নেতৃত্বাধীন জনতা পাৰ্টি চৰকাৰৰ শিক্ষা, সমাজ কল্যাণ আৰু সাংস্কৃতিক দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ 1971 চনত হাজো সমষ্টিৰ পৰা অসম বিধানসভালৈয়ো নিৰ্বাচিত হৈছিল ৰেণুকা দেৱী বৰকটকী ৷

6/ ৰছিদা হক চৌধুৰী : প্ৰধানমন্ত্ৰী চৰণ সিং নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাছিদা হক চৌধুৰী 1979 চনৰ পৰা 1980 চনলৈকে সমাজ কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পদ চম্ভালিছিল ৷ 1950 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা চৌধুৰীয়ে 1977 চনৰ সাধাৰণ নিৰ্বাচনত শিলচৰৰ পৰা দলটোৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷

7/ ৰাণী নৰহ : ৰাণী নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য ৷ 1998 চনৰ পৰা 2004 চনলৈ আৰু 2009 চনৰ পৰা 2014 চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল ৰাণী নৰহে ৷ 2012 চনৰ পৰা 2014 চনলৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নৰহে ৷ 2016 চনৰ পৰা 2022 চনলৈকে ৰাজ্যসভাৰ সাংসদ হিচাপেও অসমক প্ৰতিনিধিত্ব কৰিছিল তেওঁ ৷

8/ বিজয়া চক্ৰৱৰ্তী : ভাৰতীয় জনতা পাৰ্টিত ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰা বিজয়া চক্ৰৱৰ্তী তিনিবাৰকৈ গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ 1986 চনৰ পৰা 1992 চনলৈ অসম গণ পৰিষদৰ হৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ৰাজ্যসভাত কাৰ্যনিৰ্বাহ কৰাৰ পিচতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে তেওঁ ৷ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি 1999 চনত ত্ৰয়োদশ লোকসভাত গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল চক্ৰৱৰ্তীয়ে ৷ 1999 চনৰ পৰা 2004 চনলৈ অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত কেন্দ্ৰীয় জলসম্পদ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ বিজয়া চক্ৰৱৰ্তীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰূপে 2009 আৰু 2014 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল ৷

9/ সুস্মিতা দেৱ : 2014 চনত শিলচৰ সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সুস্মিতা দেৱে ৷ 2014 চনত লোকসভালৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল তেওঁ ৷ 2017 চনৰ পৰা 2021 চনলৈ তেওঁ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদতো অধিষ্ঠিত আছিল ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হাতত পৰাস্ত হোৱাৰ পাচত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰে আৰু 2021 চনত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷

10/ কুইন ওজা : 2019 চনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হয় কুইন ওজা ৷ বৰ্তমান লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কুইন ওজা 1996 চনৰ পৰা 1997 চনলৈকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2009 আৰু 2014 চনত একেৰাহে দুবাৰকৈ গুৱাহাটী সমষ্টিলৈ নিৰ্বাচিত হোৱা বিজয়া চক্ৰৱৰ্তীৰ ঠাইত কুইন ওজাক 2019 চনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা, কাৰ কপালত 'টিকেট টু লোকসভা' ?

Last Updated : Mar 2, 2024, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.