ধুবুৰীত নিজৰ লগতেই প্ৰতিদ্বন্দ্বিতা হ'ব আজমলৰ, ৰকিবুলৰ সৈতে নহয় : আজমল - Badaruddin Ajmal on congress

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 8:34 PM IST

thumbnail

নগাঁও, 3 এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন ৷ বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী অমিনুল ইছলামৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত হয় এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল ৷  

তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, নগাঁৱত বিজেপিৰ সৈতেহে এ আই ইউ ডি এফৰ প্ৰতিদ্বন্দ্বিতা হ'ব ৷ লগতে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ সৈতে কোনো প্ৰতিদ্বন্দ্বিতাই নহয় বুলি মন্তব্য কৰে আজমলে । তেওঁ ৰকিবুল হুছেইনক শিশু বুলি আখ্যা দি কয় যে কালি পৰহি অহা শিশুৰ লগত কোনো প্ৰতিদ্বন্দ্বিতাই নহয় ৷ 

ইয়াৰোপৰি নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত পুৰণি স্মৃতি সজীৱ কৰি মন্তব্য কৰাৰ সময়ত চকু সেমেকি উঠিল বদৰুদ্দিন আজমলৰ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ দিনা ৰাজ্যৰ ১৪ টা সমষ্টিত পৰ্যায় ক্ৰমে স্থানীয় বন্ধ ঘোষণা - Lok Sabha election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.