ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ দিনা ৰাজ্যৰ ১৪ টা সমষ্টিত পৰ্যায় ক্ৰমে স্থানীয় বন্ধ ঘোষণা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:16 PM IST

LS polls 2024: অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধৰ । ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ আয়ুক্ত-সচিব কে মনিভন্ননে সোমবাৰে জাৰি কৰিছে এই স্থানীয় বন্ধৰ নিৰ্দেশনা ।

Lok Sabha election 2024
Assam General administration

গুৱাহাটী, 1 এপ্ৰিল: অসমত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ'বলগীয়া দিনকেইটাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰশাসনে । অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' এই তিনিটা দিনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । সেই অনুসৰি ১৯ এপ্ৰিলত ৫ টা লোকসভা সমষ্টিত, ২৬ এপ্ৰিলত ৫ টা আৰু ৭ মে'ত ৪ টা লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে । ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে তিনিওটা দিনৰ বন্ধৰ বাবেই সুকীয়া সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে ।

LS polls 2024
ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ নিৰ্দেশনা

অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, কাজিৰঙা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধানসভা এলেকাত স্থানীয় বন্ধ হ'ব ।

১০ নং কাজিৰঙা, ১১ নং শোণিতপুৰ, ১৩ নং ডিব্ৰুগড়, ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ বিধানসভা সমষ্টিত ১৯ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনা স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । একেদৰে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৪নং দৰং-ওদালগুৰি, ৬ নং ডিফু, ৭ নং কৰিমগঞ্জ, ৮ নং শিলচৰ লোকসভা আৰু ৯ নং নগাঁও লোকসভা সমষ্টিৰ ভিতৰত থকা সকলো বিধানসভা সমষ্টিত স্থানীয় বন্ধ হ'ব ।

LS polls 2024
ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ নিৰ্দেশনা

আনহাতে, তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৪ টা সমষ্টিৰ বাবেও স্থানীয় বন্ধৰ দিন ঘোষণা কৰি সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য প্ৰশাসনে । সেই অনুসৰি ৭ মে'ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ১ নং কোকৰাঝাৰ, ২ নং ধুবুৰী, ৩ নং বৰপেটা আৰু ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো এলেকাত স্থানীয় বন্ধ হ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই নিৰ্দেশনা অনুসৰি উল্লিখিত তিনিওটা ভোটদানৰ দিনত নিৰ্দিষ্ট লোকসভা সমষ্টিৰ এলেকাৰ ভিতৰৰ সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, পি আৰ আই, নগৰীয়া স্থানীয় নিগম-নিকায়, শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি বেংক, চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব ৷ ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ আয়ুক্ত-সচিব কে মনিভন্ননে সোমবাৰে জাৰি কৰিছে এই স্থানীয় বন্ধৰ নিৰ্দেশনা ।

লগতে পঢ়ক: সমুখত নিৰ্বাচন : থানাই থানাই জমা হৈছে বাৰ হাজাৰৰো অধিক মাৰণাস্ত্র - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.