আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম : আজাৰাৰ বিভিন্ন স্থানত টহল আৰক্ষী-কামাণ্ডো বাহিনীৰ - Anti CAA Protest
🎬 Watch Now: Feature Video

Published : March 2, 2024 at 10:36 PM IST
মিৰ্জা, 2 মাৰ্চ : 'কা' আন্দোলন প্ৰতিৰোধ কৰাৰ বাবে সাজু মহানগৰীৰ আজাৰা আৰক্ষী ৷ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত কামাণ্ডো বাহিনী লগত লৈ আৰক্ষীৰ টহল ৷ 'কা' বিৰোধী আন্দোলন দমনৰ বাবে এইদৰেই সাজু হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষীক ৷
'কা' আন্দোলন প্ৰতিৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে মোতায়েন কৰিছে তিনিটাকৈ কামাণ্ডো কোম্পানী ৷ কামাণ্ডো বাহিনীয়ে থানাই থানাই আৰম্ভ কৰিছে কুচকাৱাজ ৷ ইয়াৰ সমান্তৰালভাৱে পশ্চিম গুৱাহাটী আৰক্ষী সংমণ্ডলৰ ADCP, আজাৰা ACP আৰু আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত কামাণ্ডোৰ এটি বৃহৎ দলে আজাৰা আৰক্ষী থানাৰ পৰা কাহিকুছি, মিৰ্জাপুৰ, গঁড়ল, ধাৰাপুৰ, আজাৰা আদি বিভিন্ন অঞ্চলত টহল দিয়ে ৷
উল্লেখ্য যে, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইতিমধ্যেই টুইটাৰযোগে প্ৰতিবাদ কৰিব বিচৰা সকলক আগতিয়াকৈ সকীয়নি দিছে । টুইটাৰত লগতে তেওঁ আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে বিভিন্ন স্থানত টহল দি থকাৰ ৪২খন আলোকচিত্ৰ আপলোড কৰিছে ।
লগতে পঢ়ক : গুৱাহাটীবাসীৰ সুৰক্ষাৰ বাবে সাজু আৰক্ষী সঞ্চালক প্ৰধান, সামাজিক মাধ্যমত পোষ্ট ৪২ খন আলোকচিত্ৰ