বহিঃৰাজ্যত অসমীয়া গামোচা প্ৰস্তুত কৰিলেই চৰকাৰে ল’ব আইনী ব্যৱস্থা - Assamese Gamocha

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 9:51 PM IST

thumbnail

গুৱাহাটী, ১০ এপ্ৰিল: বিহু উদযাপন সমিতিসমূহক বিহু অনুষ্ঠানত থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ । ইতিমধ্যে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত অসমৰ প্ৰতিখন জিলাতে থলুৱা গামোচা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । আনহাতে জিআই টেগপ্ৰাপ্ত অসমৰ গামোচা ৰাজ্যৰ বাহিৰত প্ৰস্তুত কৰিলে আইনী ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে বিভাগে ৷

অসমত বৰ্তমান ৫ লাখ ৬৪ হাজাৰ ৮১১ গৰাকী স্বনিৰ্ভৰ আঁচনিৰ অধীনত শিপিনী আছে ৷ সেই শিপিনীসকলৰ পৰা চৰকাৰে প্ৰায় ১৯ কোটি টকাৰ বস্ত্ৰশিল্প ক্ৰয় কৰিছে, ইয়াৰে অধিকাংশই হৈছে গামোচা  ৷  ইতিমধ্যে বিহুৰ সময়ত অসমত সহজলভ্য থলুৱা গামোচা ৷  তাৰ বাবে অসমৰ প্ৰতিখন জিলাত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ দ্বাৰা ৭৮ টা কেন্দ্ৰৰ জৰিয়তে ১০ কোটি টকাৰ বিভিন্ন থলুৱা গামোচা, বস্ত্ৰৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

অসমত যাতে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ তৰফৰ বিভিন্ন সময়ত অভিযান চলাই থকা হৈছে ৷ বৰ্তমান সময়লৈ অসমৰ বিভিন্ন জিলাত ৭৪০ খন দোকানত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাই ৩ হাজাৰৰো অধিক পাৱাৰলুমৰ গামোচা জব্দ কৰা হৈছে ।

লগতে পঢ়ক: ঈদৰ বজাৰত পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.