ETV Bharat / state

ঈদৰ বজাৰত পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ ! - Eid 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 7:20 PM IST

Impact of price hike in Eid market at Fanchy Bazar
ঈদৰ বজাৰত পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ

Eid to be celebrated on April 11: কাইলৈ ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল্ ফিটৰ । পবিত্ৰ ঈদ উপলক্ষে ইছলামধৰ্মী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ । পিছে পূৰ্বৰ তুলনাত ইদৰ বজাৰ সেৰেঙা বুলি উল্লেখ কৰে ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে ।

ঈদৰ বজাৰত পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ

গুৱাহাটী,১০ এপ্ৰিল: বৃহস্পতিবাৰে ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল্ ফিটৰ । ঈদ উল্ ফিটৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । গুৱাহাটীৰ বিভিন্ন স্থানত থকা ঈদগাহ ময়দান, মছজিদসমূহত ঈদ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে মছজিদ, ঈদগাহসমূহ । বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত বিশ্বৰ তথা দেশৰ আন ৰাজ্যৰ লগতে অসমতো কাইলৈ ঈদ উল্ ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব ।

আনহাতে ঈদ উপলক্ষে মহানগৰীৰ বজাৰ ছেৱৈৰ লগতে আন সুস্বাদু খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পূৰ্বৰ তুলনাত মূল্যবৃদ্ধিয়ে ঈদৰ বজাৰত প্ৰভাৱ পেলাইছে । পূৰ্বৰ তুলনাত ঈদৰ বজাৰত ছেৱৈ, ফল আদিৰ ১০-১৫% মূল্যবৃদ্ধি হৈছে । যাৰ প্ৰভাৱ ঈদৰ বজাৰত পৰিছে বুলি উল্লেখ কৰে ব্যৱসায়ীসকলে ।

কাইলৈ ঈদ যদিও পূৰ্বৰ দৰে সমাগম হোৱা নাই ঈদৰ বজাৰত । আনহাতে ফাঁচীবজাৰৰ ছেৱৈ, ড্ৰাই ফ্ৰুইটছৰ ব্যৱসায়ীয়ে জনোৱা অনুসৰি, পাটনা, শিলিগুৰি, বানাৰস, কলকাতা আদিৰ পৰা অহা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰলৈ আহিছে যাৰ মূল্য প্ৰতি কেজি ১০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত ।

কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈৰ বিক্ৰী কমিছে । পূৰ্বে ৰমজান মাহ আৰম্ভ হোৱাৰ দুই এদিন আগৰে পৰা বজাৰত গ্ৰাহকৰ ভিৰ আছিল যদিও এইবাৰ নাই । ড্ৰাই ফ্ৰুইটছৰ আৰু ছেৱৈ দুয়োবিধ সামগ্ৰীৰে বিক্ৰী কমিছে বুলিও উল্লেখ কৰে ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে ।

লগতে পঢ়ক: পদবীৰে নহয়, মানুহ ডাঙৰ হয় নিজৰ সৎ কৰ্মেৰে; প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ব্যক্তিয়ে - Communal Harmony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.