ETV Bharat / state

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বছৰটোৰ শেষৰখন সংগীতানুষ্ঠানত সেৰেঙা উপস্থিতি দৰ্শকৰ - ZUBEEN GARG BIHU SHOW

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 3:12 PM IST

Updated : May 26, 2024, 5:37 PM IST

Zubeen Garg cultural programme 2024: শনিবাৰে ধাৰাপুৰত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 2024 বৰ্ষৰ অন্তিমখন বিহুৰ অনুষ্ঠান ৷ অনুৰাগীৰ উপস্থিতি কম দেখিবলৈ পোৱা গ’ল অনুষ্ঠানটোত ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা ৷

Few audience in Zubeen Garg's Dharapur cultural programme
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বছৰটোৰ শেষৰখন সংগীতানুষ্ঠান (Etv bharat assam)

ধাৰাপুৰ, 26 মে’: উচ্চ ন্যায়ালয়ে মহানগৰীৰ ধাৰাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানত মহানগৰ আৰক্ষীক নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ দৰ্শকৰ উপস্থিতি কম হোৱা দেখিবলৈ পোৱা গ’ল । জুবিনৰ সংগীতানুষ্ঠানলৈ অনা অধিকংশ চকীয়েই খালী হৈ ৰ’ল । 25 মে’ৰ দিনাখন ধাৰাপুৰত হোৱা এইখন আছিল চলিত বৰ্ষৰ জুবিন গাৰ্গৰ অন্তিমটো অনুষ্ঠান । অথচ ধাৰাপুৰবাসীয়ে জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত নহ’ল ।

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বছৰটোৰ শেষৰখন সংগীতানুষ্ঠান (Etv bharat assam)

জানিব পৰা মতে গায়কগৰাকী উপস্থিত হোৱাৰ পূৰ্বে মহিলাৰ বাবে অনা 3000 চকীৰ ভিতৰত প্ৰায় 300 চকীত মহিলা বহিছিল যদিও পৰৱৰ্তী সময়ত ভিৰ দেখুৱাবলৈ মহিলাৰ সংৰক্ষিত চকীত পুৰুষক বহিবলৈ দিয়া হৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে ধাৰাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানত সুৰক্ষা প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে আৰক্ষীক নিৰ্দেশ দিছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে পশ্চিম গুৱাহাটী আৰক্ষী সংমণ্ডলৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত আজাৰা আৰক্ষী, CRPF বাহিনী মোতায়েন কৰা হৈছিল ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহুৰ বাকৰিত । কিন্তু আশানুৰূপভাৱে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত অনুৰাগী উপস্থিত হোৱা দেখা নগ’ল ।

স্মৰ্তব্য যে, বিগত 27 এপ্ৰিলত জুবিন গাৰ্গৰ অনুষ্ঠান আছিল যদিও ধুমুহাৰ ফলত পেণ্ডেল পৰি বহু লোক আহত হৈছিল । সাংবাদিকৰ দলে আহত লোকক উদ্ধাৰ কৰাৰ পিছত কমিটিৰ একাংশ কৰ্মকৰ্তাৰ বাবেই সাংবাদিক আৰু বহুতো লোক প্ৰহৃত হ’বলগীয়া হৈছিল । আৰক্ষীকো উদণ্ড যুৱকে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিনা বিচাৰে কমিটিৰ সন্দেহৰ ভিত্তিত 22 জনকৈ যুৱকক কৰায়ত্ত কৰি 8 জনক জেললৈ প্ৰেৰণ কৰিছিল আৰু বাকীকেইজনক জাননী দি এৰি দিছিল ।

এই খামখেয়ালিৰ বাবেই ধাৰাপুৰত জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ দৰ্শক উপস্থিত নহ’ল বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ - Zubeen Garg programme in Dharapur

Last Updated : May 26, 2024, 5:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.