সুদখোৰৰ নাম অসম আৰক্ষীত জমা দিবলৈ ৰাইজলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 6:47 AM IST

thumbnail

ধেমাজি, 23 ফেব্ৰুৱাৰী: শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে আৰম্ভ কৰিছে সুদখোৰ বিৰোধী অভিযান । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰ, দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে ধেমাজিৰ কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ভূমি পট্টা বিতৰণ সভাত অংশগ্ৰহণ কৰি সুদখোৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী  ৷

সুদখোৰ লোকৰ পৰা কোনোবাই যদি টকা ধাৰে লৈছে সেই সুদখোৰৰ নাম অসম আৰক্ষীত জমা দিবলৈ ৰাইজলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । মাটিৰ দালালৰ পৰা আৰম্ভ কৰি এনে সুদখোৰক অসমৰ পৰা উৎখাত কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, অধিক হাৰত টকা ধাৰে দিয়া দুশৰো অধিক ৰাজ্যৰ সুদখোৰক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: বৰপেটাত একেনিশাই ১২ সুদখোৰক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.