ETV Bharat / state

বৰপেটাত একেনিশাই ১২ সুদখোৰক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:00 PM IST

Updated : Feb 22, 2024, 2:19 PM IST

12 Money Lender arrested in Barpeta
বৰপেটাত একেনিশাই ১২ সুদখোৰক আটক

Illegal Money Lender: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে সুদখোৰৰ বিৰুদ্ধে অভিযান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো অব্যাহত ৰাখিছে সুদখোৰ বিৰোধী অভিযান । অভিযানত আটক ১২ টাকৈ সুদখোৰ ।

বৰপেটাত একেনিশাই ১২ সুদখোৰক আটক

বৰপেটা,২২ ফেব্ৰুৱাৰী: সুদখোৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰপেটাতো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ মঙলবাৰে নিশা বৰপেটা, সৰভোগ, হাউলী আৰু বৰপেটাৰোড আৰক্ষীৰ অভিযানত আটক ১২ টাকৈ সুদখোৰ ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, সৰভোগ আৰক্ষীয়ে আটক কৰে দুটা সুদখোৰক ৷ ধৃত সুদখোৰ দুটা নাচিবুৰ ৰহমান আৰু বচিৰ আলী ৷

একেদৰে বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই উত্তম সাহা আৰু নচেৰ দেৱান নামৰ আন দুই সুদখোৰক আটক কৰে ৷ ইপিনে হাউলী আৰক্ষীয়েও সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই ছফিকুল ইছলাম, চাদেক আলী আৰু আব্দুল খালেক নামৰ তিনি সুদখোৰক আটক কৰে ৷ একেদৰে বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই বিতুলাল পাঠক, কিৰণ পাঠক, যতীন্দ্ৰ নাথ তালুকদাৰ, ছহিদুল ইছলাম আৰু ছাহজাহান আলী নামৰ পাঁচ সুদখোৰক আটক কৰে ৷

লক্ষ্যণীয়ভাৱে মঙলবাৰে নিশাই বৰপেটা, হাউলী, সৰভোগ আৰু বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ১২ টাকৈ সূদখোৰক আটক কৰে যদিও বুধবাৰৰ নিশাহে আৰক্ষীয়ে সাংবাদিকক আটকাধীন সুদখোৰ কেইটাৰ তথ্য প্ৰদান কৰে ৷ অৱশ্যে কি কাৰণত সুদখোৰ কেইটাৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে ইমান বিলম্ব কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷

ইপিনে ডাঙৰ ডাঙৰ সূদখোৰসকলক বিচাৰি উলিওৱাৰ পৰিৱৰ্তে দুই এক সৰু-সুৰা সুদখোৰক আটক কৰাতে অভিযান সীমাৱদ্ধ নাৰাখিবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে ৰাইজে ৷ দুখীয়া বা বিপদগ্রস্ত পৰিয়ালৰ তেজ শুহি খোৱা এনে অবৈধ সুদখোৰ চক্রটোক জিলাখনৰ পৰা পুলিয়ে পোখাই উভালি পেলাবলৈ ৰাইজে আৰক্ষীক আহ্বান জনাইছে ।

লগতে পঢ়ক: লখিমপুৰত আৰক্ষীৰ জালত ২৬ সুদখোৰ

Last Updated :Feb 22, 2024, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.