লোকসভা নিৰ্বাচন হ'ব জনসাধাৰণৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ শেষ সুযোগ : আব্দুল মান্নান - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:35 PM IST

thumbnail

গুৱাহাটী, ১৬ এপ্ৰিল: "দেশৰ লগতে অসমৰ জনসাধাৰণৰ বাবে আগন্তুক লোকসভা নিৰ্বাচন হ'ব ভৱিষ্যৎ নিৰ্ধাৰণৰ শেষ সুযোগ । এই নিৰ্বাচন সাম্প্ৰদায়িকতা,শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন ।" এই মন্তব্য অসম চিভিল ছ'চাইটিৰ কাৰ্যকৰী সভাপতি অধ্যাপক আব্দুল মান্নানৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত খিলঞ্জীয়া অসমীয়া মুছলমান উন্নয়ন পৰিষদ,অসম, বাঘ হাজৰিকা জাগৰণ মঞ্চ, গৰিয়া মৰিয়া দেশী জনগোঠীয় পৰিষদ,অসম আৰু অসম চিভিল ছ'চাইটিৰ যৌথ সংবাদমেলত তেওঁ এইদৰে মন্তব্য় কৰে ।

অসম চিভিল ছ'চাইটিৰ কাৰ্যকৰী সভাপতি অধ্যাপক আব্দুল মান্নান কয়," অহা ১৯ এপ্ৰিলৰ পৰা ৭ টকা পৰ্যায়ত দেশজুৰি লোকসভা নিৰ্বাচন হ'ব । এই সময়ত শাসকপক্ষই শাসনৰ গাদী দখল কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে । এইখিনিতে আমাৰ ভয় হৈছে এই শাসক দল আকৌ শাসনলৈ আহিলে ভাৰতৰ সংবিধান নাৰাখে । বৰ্তমান ভাৰতৰ ৰাজনীতি বিভেদ সৃষ্টিৰ মাজেৰে চলিছে ।"

তেওঁ পুনৰ কয় যে হিন্দু-মুছলমানৰ ঐক্য ধ্বংস কৰিব বিচৰা হৈছে । নিবনুৱা সমস্যা, মূল্য বৃদ্ধি আদি মূল সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰখাৰ বাবে ধৰ্মীয়,সাম্প্ৰদায়িক সুৰসুৰণি জগাই তুলিবলৈ অহৰহ চেষ্টা চলাইছে শাসক পক্ষই । সেয়েহে জনসাধাৰণক সজাগ কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:মোদীৰ গেৰাণ্টী লৈ অসম বিজেপিৰ সংকল্প পত্ৰ মুকলি - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.