ETV Bharat / politics

মোদীৰ গেৰাণ্টী লৈ অসম বিজেপিৰ সংকল্প পত্ৰ মুকলি - Lok Sabha Election 2024

Assam BJP Sankalp Patra: প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি ৷ ২৮ খন ৰাজ্যৰ ৰাইজৰ মত লৈ প্ৰকাশ কৰা হৈছে এই সংকল্প পত্ৰ ৷ এই সংকল্প পত্ৰত বিজেপিয়ে বিগত সময়ত কৰা কামৰ প্ৰতিবেদনৰ লগতে আগন্তুক সময়ৰ বাবে গ্ৰহণ কৰা সংকল্প তথা দলটোৰ গেৰাণ্টীৰ বিষয়ে উল্লেখ কৰা হৈছে ৷

Assam BJP Sankalp Patra
মোদীৰ গেৰাণ্টীলৈ অসম বিজেপিৰ সংকল্প পত্ৰ মুকলি
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 6:16 PM IST

3 Min Read
Choose ETV Bharat
মোদীৰ গেৰাণ্টীলৈ অসম বিজেপিৰ সংকল্প পত্ৰ মুকলি

গুৱাহাটী, ১৬ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম ৰাজ্যিক বিজেপিয়ে মঙলবাৰে তেওঁলোকৰ সংকল্প পত্ৰখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্য মুখপাত্ৰ মনোজ বৰুৱা আৰু ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰলে দলটোৰ হৈ সংকল্প পত্ৰখন মুকলি কৰে ৷

সংকল্প পত্ৰখন মুকলি কৰাৰ পাচত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমেলখন সম্বোধন কৰি ২৮ খন ৰাজ্যৰ ৰাইজৰ মত লৈ এই সংকল্প পত্ৰখন প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ সকলো পৰ্যায়ৰ ৰাইজৰ বাবে এই সংকল্প পত্ৰখন কৰাৰ কথা ব্যক্ত কৰি মোদীজীৰ গেৰাণ্টি পূৰণ হ’বই বুলি মন্তব্য কৰে ৷ ভট্টাচাৰ্যই উল্লেখ কৰা অনুসৰি এই সংকল্প পত্ৰত মূলতঃ তিনিটা দিশ আছে ৷

সংকল্প পত্ৰথন বিগত সময়ত বিজেপিয়ে কৰা কামৰ প্ৰতিবেদনৰ লগতে আগন্তুক সময়ৰ বাবে গ্ৰহণ কৰা সংকল্পৰ কথাও ইয়াত উল্লেখ কৰা হৈছে ৷ ইয়াৰ লগতে দলটোৰ গেৰাণ্টীসমূহৰ বিষয়েও এই সংকল্প পত্ৰত প্ৰকাশ কৰা হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চলত শান্তি পুনৰ স্থাপন কৰাৰ বাবে সংকল্প লোৱা হয় ৷ তদুপৰি ৰাজ্যিক ভিত্তিতো দলটোৱে বিভিন্ন সংকল্প লোৱাৰ কথা ভট্টাচাৰ্যই সংবাদমেলত উল্লেখ কৰে ৷

ভট্টাচাৰ্যই যাতায়ত ব্যৱস্থা আৰু অধিক উন্নত কৰা, পানী সংৰক্ষণৰ বাবে সৰোবৰৰ দৰে ডাঙৰ পুখুৰীৰ ব্যৱস্থা কৰাৰ কথাও সংবাদমেলত ব্যক্ত কৰে ৷ ইয়াৰ উপৰি সংকল্প পত্ৰত বিভিন্ন সম্পদৰ ৰপ্তানিৰ বাবে দীৰ্ঘম্যাদী প্ৰকল্পৰ কথাও উল্লেখ কৰা হৈছে ৷ তেওঁ এই সংকল্প পত্ৰৰ বাবে জনতাৰ মাজত গৈ মতামত লোৱাৰ কথাও ব্যক্ত কৰে ৷ অনলাইন যোগেও প্ৰায় ৪২ হাজাৰ মানুহৰ পৰা সঁহাৰি লাভ কৰাৰ কথা তেওঁ উল্লেখ কৰি এই সঁহাৰি যথেষ্ট ইতিবাচক আছিল বুলি জানিবলৈ দিয়ে ৷ যুৱ সমাজৰ পৰা ভাল সঁহাৰি লাভ কৰাৰ কথা জানিবলৈ দিয়ে বিজেপি বিধায়কগৰাকীয়ে ৷

সংবাদমেলত বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপিয়ে তুঁহ আৰু চাউলৰ মাজত বিচাৰ কৰি চাইছে বুলি উল্লেখ কৰে ৷ বিজেপিয়ে ৰাইজৰ মতামতৰ ভিত্তিত অসম সংকল্প পত্ৰ প্ৰকাশ কৰিম বুলি কৈছিল যদিও নির্বাচনলৈ মাজত দুটা দিন থকাৰ পিচতো প্ৰকাশ নহ’ল অসম সংকল্প পত্ৰ ৷

ইফালে মাকুমত আলফাৰ গুলীয়াগুলী সন্দৰ্ভতো মন্তব্য কৰে বিজেপি বিধায়কগৰাকীয়ে ৷ তেওঁ কয়, "তেখেতসকলে তেনেকুৱা কাম এটা বিশেষ চিন্তাৰে কৰি থাকে ৷ বিজেপিৰ প্ৰতি মানুহ আগবাঢ়ি আহিলে তেনে কাম কৰে ৷" প্ৰশাসনে এই ক্ষেত্ৰত সঠিক পদক্ষেপ ল’ব বুলি ভট্টাচাৰ্যই আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক: কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ? - BJP manifesto