শিৱসাগৰৰ পৰা উৎখাত হৈছে অখিল গগৈ : ভৱেশ কলিতা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:44 PM IST

thumbnail

ৰঙিয়া, 21 এপ্ৰিল: অখিল গগৈ শিৱসাগৰৰ পৰা উৎখাত হোৱা বুলি মন্তব্য কৰিছে ভৱেশ কলিতাই ৷ শিৱসাগৰৰ বিধায়কগৰাকী ভৰিৰ তলৰ মাটি নোহোৱা নেতা বুলি দেওবাৰে ৰঙিয়াত ক’লে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৷

নিজৰ ভেঁটি মজবুত কৰি লোৱাৰ পিচত বৰাক ভেলীৰ পৰা বিজেপিক খেদিবলৈ আহ্বান জনালে ভৱেশ কলিতাই ৷ ইফালে নিৰ্বাচৰ পিচতে ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰতা ভংগ হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৷ তেওঁ কয় যে হাগ্ৰামা মহিলাৰী বিজেপিৰ মাগদৰ্শক নহয় ৷

হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলটো ঠিক কৰি ৰাখিবলৈ পৰামৰ্শ দি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বিজেপিত যোগদান কৰাৰ প্ৰসংগ উল্লেখ কৰে ভৱেশ কলিতাই ৷ ইফালে হাগ্ৰামা মহিলাৰীৰ দলৰ বহু লোকে বিজেপিত যোগদান কৰিবলৈ বিচাৰি আছে বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: মানুহ নাহিল; খালী চকীৰ সন্মুখত ভাষণ নিদি সভা বাতিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.