ETV Bharat / politics

মানুহ নাহিল; খালী চকীৰ সন্মুখত ভাষণ নিদি সভা বাতিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে - LOk Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 7:12 PM IST

HAGRAMA MOHILARY
মানুহ নোহোৱাৰ ফলত সভা বাতিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে

খালী চকীৰ সন্মুখত ভাষণ দিয়াৰ পৰা বিৰত থাকিল হাগ্ৰামা মহিলাৰী ৷ ৰাইজৰ আগমন নেদেখি বাতিল কৰিলে সভা ৷ পৰৱৰ্তী সময়ত আহিম বুলি কৈ থৈ গ’ল নেতাগৰাকীয়ে ৷

মানুহ নোহোৱাৰ ফলত সভা বাতিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে

দৰং, 21 এপ্ৰিল: ‘‘খালী চকীৰ সন্মুখতে ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে’’- এনেধৰণৰ বাতৰি এটা যাতে প্ৰকাশ হ’বলগীয়া নহয়, তাৰ প্ৰতি সতৰ্ক বি পি এফ প্ৰধানগৰাকী ৷ ৰাজনৈতিক নেতাগৰাকীয়ে এই কথা কোনো লুক-ঢাক নকৰাকৈ মুকলিকৈ প্ৰকাশ কৰিলে দেওবাৰে ৷

দেওবাৰে ছিপাঝাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল হাগ্ৰামা মহিলাৰীয়ে ৷ দৰং-ওদালগুৰি সংসদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ প্ৰচাৰ চলোৱাৰ কথা আছিল বি পি এফ প্ৰধানগৰাকীয়ে ৷ সেইঅনুসৰি ঘোঁৰাবন্ধাত আয়োজনো কৰা হৈছিল সুন্দৰভাৱে ৷ সুসজ্জিত মঞ্চৰ সন্মুখত শাৰী-শাৰীকৈ পাৰি দিয়া হৈছিল শ-শ ৰঙাৰঙৰ চকী ৷ য’ত হাগ্ৰামা মহিলাৰীৰ ভাষণ শুনিবলৈ বুলি সমবেত হ’বলগীয়া ৰাইজে আসন গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছিল ৷ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধৰ দিনটোতেই সভাখন আয়োজন কৰা হৈছিল ৷

নিৰ্ধাৰিত সময়ত সভাস্থলীত উপস্থিত হ’ল হাগ্ৰামা মহিলাৰী ৷ বিপিএফৰ কৰ্মীসকলে অৰ্থাৎ আয়োজকে আথে-বেথে আদৰিও নিছিল নেতাগৰাকীক ৷ কিন্তু মঞ্চৰ সন্মুখলৈ চাব অবাক হাগ্ৰামা মহিলাৰী ৷ কেইগৰাকীমান দলীয় কৰ্মীৰ বাহিৰে কেৱল খালী চকীহে চকুত পৰিল ৷ গতিকে ভাষণ দিব কাৰ সন্মুখত? গতিকে সভা বাতিলৰ সিদ্ধান্ত ল’লে বি পি এফ প্ৰধানগৰাকীয়ে ৷

অৱশ্যে ৰাইজ সভাখনলৈ নহাৰ কাৰণো অনুধাৱন কৰিব পাৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীৰ ধাৰণা অনুসৰি সভাখন আহ্বান কৰা হৈছিল ভাত খুৱাৰ সময়ত ৷ সেয়েহে ৰাইজ সভাখনলৈ নাহিল বুলি দলীয় কৰ্মীসকলক বুজাই পৰৱৰ্তী সময়ত কেতিয়াবা তেওঁ আহিব বুলি কৈ সেই স্থান ত্যাগ কৰিলে মহিলাৰীয়ে ৷

জনশূন্য হোৱাৰ বাবে সভা বাতিলৰ পিচতে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য দিলে হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীয়ে কয় যে যিটো সময় দিয়া হৈছিল, সেই সময়ত সভাখন অনুষ্ঠিত নহ’ল ৷ সেইবাবেই মানুহ নহ’ল ৷ নিৰ্বাচনলৈ যিহেতু সময় আছে, সেয়েহে বেলেগ এদিন তেওঁ আহিব বুলি কয় ৷

সেয়া যিয়েই নহওক, ‘‘খালী চকীৰ সন্মুখত ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে’’ শীৰ্ষক বাতৰিৰ পৰা কোনোমতে আঁতৰি থাকিল বি পি এফ প্ৰধানগৰাকী ৷

লগতে পঢ়ক: আজমল মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত চলা মানুহ: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.