সৰুপথাৰত কৃত্ৰিম বানৰ কৱলত টেঙাহোলা গাঁৱৰ ৰাইজ - Artificial Flood In Sarupathar

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:40 PM IST

thumbnail

সৰুপথাৰ, ২১ এপ্ৰিল : বিগত কেইবাদিনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । গোলাঘাট জিলাৰ সৰুপথাৰতো বিদ্যালয় প্ৰাংগনকে ধৰি বাট-পথসমূহত বৰষুণৰ পানী আৱদ্ধ হৈ পৰিছে । ফলত ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে । লোকসভা নিৰ্বাচন আৰু ৰঙালী বিহুৰ পিছত কাইলৈ পুনৰ শিক্ষানুষ্ঠানসমূহ খুলিব । যদিহে বৰষুণ অব্যাহত থাকে তেন্তে পুনৰ সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ পথ জলমগ্ন হ'লে সমস্য়াৰ সন্মুখীন হ'ব শিক্ষাৰ্থী ।

আজি টেঙাহোলা গাঁৱৰ ৰাইজে একাঠু পানীৰে খোজকাঢ়ি অহা-যোৱা কৰিবলগীয়া হৈছে । পুনৰ বৰষুণ দিলে এবুকুলৈকে পানী হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । বৰষুণৰ পানী ৰাজপথ, মানুহৰ ঘৰ-বাৰীৰ লগতে বিদ্যালয়ৰ প্ৰাংগনত আৱদ্ধ হৈ আছে । সৰুপথাৰ নগৰৰ এখন বিদ্যালয়তো বৰষুণৰ পানী আৱদ্ধ  হোৱাত পাঠদানত ব্য়াঘাত জন্মাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য় যে দয়ানন্দ বিদ্যা নিকেতন, সৰুপথাৰ মহাবিদ্যালয়, শ্বহীদ কুশল কোঁৱৰ বালিকা কণিষ্ঠ মহাবিদ্যালয়লৈ যোৱা পথতো এই পানী আৱদ্ধ হৈ আছে । অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে এই ক্ষেত্ৰত উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:সৰুপথাৰত কৃত্ৰিম বান : শিক্ষাৰ্থীৰ দুৰৱস্থা - Artificial Flood In Sarupathar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.