ETV Bharat / state

সৰুপথাৰত কৃত্ৰিম বান : শিক্ষাৰ্থীৰ দুৰৱস্থা - Artificial flood in Sarupathar

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 2:24 PM IST

Artificial flood in Sarupathar
সৰুপথাৰত কৃত্ৰিম বান

কৃত্ৰিম বানে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে সৰুপথাৰত ৷ অঞ্চলটোত বিগত কেইবাদিনৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলতে বাট-পথ পানীৰে উপচি পৰে ৷ কৃত্ৰিম বানৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷

সৰুপথাৰত কৃত্ৰিম বান

সৰুপথাৰ, 21 এপ্ৰিল : ৰাজ্যবাসীৰ বাবে এইবেলি বিশেষ হৈ পৰিছে ব’হাগ মাহ ৷ কিয়নো প্ৰাণৰ আপোন ৰঙালী বিহুটিৰ সমান্তৰালকৈ পৰিছে লোকসভা নিৰ্বাচনৰ দিন ৷ তাৰ মাজতে কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে সৰুপথাৰবাসীক ৷ সৰুপথাৰৰ কেইবাটাও অঞ্চলত বিগত কেইবাদিনৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলতে বাট-পথ পানীৰে উপচি পৰে ৷

আনকি, বহু লোকে এনে প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ সমীপৰে বৈ যোৱা এখন জানৰ বাবেই এই পৰিৱেশ সৃষ্টি হোৱা বুলি অঞ্চলবাসীয়ে দাবী কৰে ৷ সৰুপথাৰৰ টেঙাহোলা, গোঁহাইগাঁও হৈ উৰিয়ামঘাট সংযোগী পথ, দয়ানন্দ বিদ্যা নিকেতন, সৰুপথাৰ মহাবিদ্যালয়, শ্বহীদ কুশল কোঁৱৰ বালিকা কণিষ্ঠ মহাবিদ্যালয়লৈ যোৱা পথসমূহো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সাধাৰণ জনতাৰ লগতে শিক্ষাৰ্থীসকলেও পানীৰ মাজেৰেই বিদ্যালয়-মহাবিদ্যালয়লৈ যাব লগা পৰিস্থিতি উদ্ভৱ হৈছে ৷

যদিহে এইদৰে বৰষুণ অব্যাহত থাকে, তেন্তে পানীৰ পৰিমাণ বঢ়াৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷ যাৰ বাবে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব পাৰে ৷

নিৰ্বাচন আহে, নিৰ্বাচন যায় ৷ কিন্তু সমস্যাহে সমাধান নহয় সৰুপথাৰবাসীৰ ৷ কিয়নো প্ৰতিবাৰে মাথো জনপ্ৰতিনিধিয়ে অঞ্চলবাসীক দি যায় নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷ এই প্ৰতিশ্ৰুতি মাথো প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ ৰয় ৷ যাৰ বাবে সংবাদ মাধ্যমৰ আগত মনৰ ক্ষোভ উজাৰে সৰুপথাৰবাসীয়ে ৷ তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰাৰ পিচতো উপেক্ষা কৰি আহিছে ৰজাঘৰীয়াই ৷ যাৰ বাবে এতিয়া এজাক মূষলধাৰ বৰষুণতে একাঁঠু পানীৰে উপচি পৰে অঞ্চলটো ৷ সৰুপথাৰৰ টেঙাহোলাৰ পৰা আন আন অঞ্চললৈ যাবলৈ এই পথটোৱে একমাত্ৰ পথ হোৱা হেতুকে পানী গচকি হ’লেও বাহিৰলৈ যাবলগীয়াত পৰে সৰ্বসাধাৰণ ৰাইজ ৷

লগতে চাওক: মাতাল মহানগৰী : আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা - Crime In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.