নলবাৰীত চতুৰ্থ দিনাও অব্যাহত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:20 PM IST

thumbnail

নলবাৰী,১৯ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ অব্যাহত আছে । নলবাৰী জিলাত চতুৰ্থ দিনাও প্ৰতিবাদ সাব্যস্ত কৰিলে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে । মাননিৰ সলনি মজুৰি প্ৰদানকে ধৰি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মীসকলে । নলবাৰী জিলাৰ মুকালমুৱাত অংগনবাড়ী কৰ্মী-সহায়িকাসকলে যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে ।

অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত এই প্ৰতিবাদ অব্যাহত ৰাখিছে কৰ্মীসকলে । সোমবাৰে মুকালমুৱাস্থিত বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মী-সহায়িকাসকলে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদৰ সময়ত কৰ্মীসকলে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে তেওঁলোকক মজুৰি প্ৰদান, ভাল মোবাইল যোগান ধৰা আদি বিভিন্ন দাবী উত্থাপন কৰে । দাবী পূৰণ নোহোৱা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :এইবাৰ দিল্লীত প্ৰতিবাদ কৰিব শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.