ETV Bharat / state

এইবাৰ দিল্লীত প্ৰতিবাদ কৰিব শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:37 PM IST

Silsako beel eviction
এইবাৰ দিল্লীত প্ৰতিবাদ কৰিব শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে

Silsako beel eviction: যোৱা বছৰ গুৱাহাটীৰ শিলসাঁকোত প্ৰশাসনে উচ্ছেদ চলাইছিল । য'ত প্ৰায় ১২০০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । কিন্তু সেই পৰিয়ালবোৰক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নকৰাৰ অভিযোগ উঠিছে । শীঘ্ৰে উচ্ছেদিত লোকসকলে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে ।

এইবাৰ দিল্লীত প্ৰতিবাদ কৰিব শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী : পুনৰ ৰাজপথলৈ ওলাই আহিব গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজ । দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই হুংকাৰ দিয়ে উচ্ছেদিত কেইবাটাও পৰিয়ালে । শিলসাঁকোত প্ৰশাসনৰ উচ্ছেদৰ পিচৰে পৰা এতিয়ালৈ ৫ গৰাকী লোকৰ বিভিন্ন কাৰণত মৃত্যু হৈছে । তাৰ ভিতৰত ৪ গৰাকীৰ মৃত্যুৰ কাৰণ আছিল হৃদৰোগ । উচ্ছেদৰ পিচত মানসিকভাৱে ভাগি পৰাৰ বাবেই এনেদৰে লোককেইজনে অকাল মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ কৰিছে ।

সংবাদমেলত পৰিয়ালকেইটাই হুংকাৰ দি কয় যে চৰকাৰে প্ৰথমে খিলঞ্জীয়া ভূমিপুত্ৰক মাটি দিয়ক তাৰ পিচত কা'ৰ কথা চিন্তা কৰক । চলিত বিধানসভাৰ অধিবেশনত শিলসাঁকোত উচ্ছেদিত পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ সিদ্ধান্ত লোৱাৰো দাবী কৰে উচ্ছেদিত লোকসকলে । চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে উচ্ছেদিত ১,২০০ টা পৰিয়ালৰ প্রতিনিধিয়ে দিল্লীত অবিৰত প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ।

খিলঞ্জীয়াক উচ্ছেদ কৰাৰ পৰিৱৰ্তে শিলসাঁকো অঞ্চলত বহু প্ৰতিষ্ঠানত উচ্ছেদ নচলোৱাক লৈও উদ্বেগ প্ৰকাশ কৰে উচ্ছেদিত লোকসকলে । জিঞ্জাৰ হোটেল, আইডিয়েল হিল ভিউকে ধৰি ১৭ টা প্রতিষ্ঠান ভাঙি দিয়া হ'ব বুলি চৰকাৰে ঘোষণা কৰাৰ পাচতো আজিলৈকে তাত বুলডজাৰ চলাবলৈ চৰকাৰৰ কিয় সাহস নহ'ল তাৰো উত্তৰ বিচাৰিলে উচ্ছেদিত পৰিয়ালৰ সদস্যসকলে ।

ইফালে গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে হ্রদ খন্দাৰ নামত থলুৱা লোকক উচ্ছেদ কৰি মন্ত্ৰীৰ পৰিয়ালে অট্টালিকা সাজিবলৈ লোৱা বুলিও গুৰুতৰ অভিযোগ কৰে উচ্ছেদিত লোকসকলে । সমান্তৰালকৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধও ক্ষোভ প্ৰকাশ কৰিলে উচ্ছেদিত লোকসকলে ।

সংবাদমেলত উচ্ছেদিত লোকসকলে অভিযোগ কৰিছে যে মন্ত্ৰী অশোক সিংহলে প্ৰটেক্ট প্ৰাইড নামৰ কোম্পানীৰ নামত শিলসাঁকোৰ উচ্ছেদিত ভূমিত বৃহৎ অট্টালিকা নির্মাণ কৰিছে । সংবাদমেলত কেইটাও উচ্ছেদিত পৰিয়ালৰ সদস্যৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে কেইজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :আত্মসমৰ্পণকাৰী আলফাৰ সমস্য়া সমাধানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.