ETV Bharat / state

আত্মসমৰ্পণকাৰী আলফাৰ সমস্য়া সমাধানৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 1:57 PM IST

All Assam ex ULFA : আলফাৰ একাংশ যুদ্ধ বিৰতি গোটৰ সদস্যৰ সৈতেহে চৰকাৰৰ আলোচনা মৰ্মে আলফা ভংগ হৈছে বুলি মন্তব্য় আত্মসমৰ্পণকাৰী আলফাৰ যোৰহাট জিলা সমিতিৰ । আদালতত চলি থকা গোচৰসমূহ নিস্পত্তি কৰিবলৈ দাবী জনায় ।

All Assam ex ULFA
সদৌ অসম আত্মসমৰ্পণকাৰী আলফা

সদৌ অসম আত্মসমৰ্পণকাৰী আলফা

টীয়ক, ১৯ ফেব্ৰুৱাৰী: টীয়কত সদৌ অসম আত্মসমৰ্পণকাৰী আলফাৰ যোৰহাট জিলা সমিতিৰ এখনি বিশেষ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয় । দেওবাৰে যোৰহাট জিলা আত্মসমৰ্পনকাৰী আলফাৰ সভাপতি মইনা বৰাৰ সভাপতিত্বত আয়োজিত এই সভাত কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ দুৱৰা আৰু সম্পাদক ৰাজীৱ শইকীয়া উপস্থিত থাকে । তেওঁলোকে কেতবোৰ অসমৰ জলন্ত সমস্যা সমাধানৰ ওপৰত আলোকপাত কৰে ।

ইপিনে, এই সভাত আত্মসমৰ্পণকাৰী আলফাৰ কেতবোৰ সমস্যা তথা দাবী চৰকাৰক দৃষ্টি গোচৰ কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । উক্ত সভাত সৰ্বসন্মতিক্ৰমে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আত্মসমৰ্পণকাৰী আলফাক এককালীন সাহায্য় প্ৰদান, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন, অনতি পলমে শান্তিপূৰ্ণ আলোচনাত বহা, আদালতত চলি থকা গোচৰসমূহ নিস্পত্তি কৰিব লাগে বুলি দাবী জনোৱা হয় ।

তেওঁলোকে অসমক সুকীয়া জনজাতীয় স্বায়িত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা,নিৰ্যাতিত আলফা তথা আলফাৰ শ্বহীদ পৰিয়ালক গুৰুত্ব প্ৰদান কৰাকে ধৰি অন্যান্য দাবীসমূহত লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁলোকৰ অভাৱ অভিযোগসমূহ অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে চৰকাৰে এনেবোৰ দাবীত গুৰুত্ব আৰোপ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

ইপিনে, আলফাৰ ভংগৰ ক্ষেত্ৰত আত্মসমৰ্পণকাৰী আলফাৰ কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ দুৱৰাই কয় যে আলফাৰ একাংশ যুদ্ধ বিৰতি গোটৰ সদস্যৰ সৈতেহে চৰকাৰৰ আলোচনা মৰ্মে আলফা ভংগ হৈছে । প্ৰকৃত আলফা ভংগ হোৱা নাই । লগতে দেশ আৰু জাতিৰ স্বাৰ্থত তথা অসমৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত আলফাই সদায়েই মাত মাতি যাব বুলি সদৰি কৰিছে সভাপতি ৰাজকুমাৰ দুৱৰাই ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ তৃতীয় কাৰ্যকালত ভাৰত সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ পৰা মুক্ত হ’ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.