অপৰাধ শাখাৰ আৰক্ষী জোৱানসহ নগাঁও আৰক্ষীৰ জালত ৭ জুৱাৰী - Gambling Racket Busted In Nagaon

🎬 Watch Now: Feature Video

thumbnail
অপৰাধ শাখাৰ আৰক্ষী জোৱানসহ নগাঁও আৰক্ষীৰ জালত ৭ জুৱাৰী (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 5:23 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 17 মাৰ্চ : জুৱা খেলি নগাঁও আৰক্ষীৰ জালত পৰিছে অসম আৰক্ষীৰ অপৰাধ শাখাৰেই এগৰাকী আৰক্ষী জোৱান । শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে চলোৱা এক অভিযানত জালত পৰে ৭ টাকৈ জুৱাৰী । নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে স্বপ্ননীল ডেকাই যোগদান কৰাৰ পিচত জুৱা খেলৰ ঘাটিত প্ৰথমটো অভিযান চলালে নগাঁও আৰক্ষীয়ে ।

নিশা চলোৱা অভিযানতে অভিযানকাৰী আৰক্ষীৰ জালত পৰে ৭ টাকৈ জুৱাৰী । নগাঁও আৰক্ষীৰ জালত পৰা জুৱাৰী চক্ৰটোৰ ভিতৰত আছে গুৱাহাটীৰ অপৰাধ শাখাৰ এগৰাকী আৰক্ষী জোৱানো । ধৃত জুৱাৰীকেইটা ক্ৰমে আশীষ শৰ্মা, বাবুলী মেধি, মিণ্টু শইকীয়া, চন্দন বৰদলৈ, ৰঞ্জিত বিশ্বাস আৰু ভাৰত দাস । ইয়াৰে ৰঞ্জিত বিশ্বাস মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত কৰ্মৰত বুলি জানিব পৰা গৈছে ।

নগাঁৱৰ ইটাচালী আৰক্ষীয়ে আটক কৰা জুৱাৰী চক্ৰৰ সদস্যকেইটাক দেওবাৰে দুপৰীয়া নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details